ETV Bharat / lifestyle

মৌনী অমাৱস্যা: এই পৱিত্ৰ দিনটোত কি কৰিলে লাভ কৰিব শুভফল ? - MAUNI AMAVASYA

আজি হ'ব বর্ষৰ প্ৰথমটো অমাৱস্যা যাক মৌনী অমাৱস্যা বুলিও কোৱা হয় এই দিনটোত কি কাম কৰিলে শুভফল লাভ কৰিব জনালে জ্যোতিষী ড৹ পৰশমণি শৰ্মাই-

Astro tips
মৌনী অমাৱস্যা: এই পৱিত্ৰ দিনটোত কি কৰিলে লাভ কৰিব শুভফল ? (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Jan 28, 2025, 5:10 PM IST

আজি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব এই বর্ষৰ প্ৰথমটো অমাৱস্যা যাক মৌনী অমাৱস্যা বুলিও কোৱা হয় । আজি ২০২৫ বর্ষৰ প্ৰথমটো অমাৱস্যা যাক মৌনী অমাৱস্যা বুলিও কোৱা হয় ৷ এই অমাৱস্যাৰ তিথি ২৮ জানুৱাৰী অর্থাৎ আজি সন্ধিয়া 7.35 মিনিটৰ পৰা আৰম্ভ হৈ ২৯ জানুৱাৰী সন্ধিয়া 6.05 মিনিটলৈ থাকিব ৷ এই সময়খিনিত আপুনি কেইটামান সৰু উপায় কৰি ভাল ফলাফল লাভ কৰিব পাৰে ৷ সেই উপায় কেইটা হৈছে-

১) মৌনী শব্দৰ অৰ্থ হৈছে নীৰৱতা ৷ সেয়ে এই দিনটোত আপুনি যিমান পাৰে সিমান নীৰৱতা অৱলম্বন কৰিব পাৰে অৰ্থাৎ কথা নকোৱাকৈ যিমান ধ্যান কৰিব পাৰে আপোনাৰ বাবে ভাল হ'ব‌ ৷

২) বৰ্তমান সময়ত যিহেতু মহাকুম্ভ মেলা চলি আছে ৷ সেয়ে মৌনী অমাৱস্যাৰ পুৱা অৰ্থাৎ 29 জানুৱাৰীত তাত স্নান কৰিব পাৰিলে ভাল ৷ তাত যদি স্নান কৰিব নোৱাৰে তেন্তে 29 জানুৱাৰীৰ পুৱা যিমান পাৰে সোনকালে উঠি আপোনাৰ গা ধোৱা পানী গংগাজল, তিল, আৰু চাউল মিহলাই যদি গা ধুব পাৰিলে ভালফল লাভ কৰিব পাৰিব ৷

৩) লগতে ঘৰৰ মন্দিৰ বা শিৱ মন্দিৰত গৈ শিৱলিংগত যদি পানী বা গাখীৰ ঢালিব পাৰে তেতিয়াও আপুনি ভাল ফল ভাল কৰিব ৷

৪) অমাৱস্যাৰ দিনা পানীৰ লগত গংগাজল, হালধি আৰু কুমকুম মিহলি কৰি আঁহত গছৰ তলত ঢালিতাত ৫টা বগা মিঠাই দি পিতৃ তৰ্পণ কৰিব পাৰে ৷ এনে কৰিলে আপোনাৰ পিতৃ পুৰুষৰ বাবে বহুত বেছি ভাল ৷ লগতে তাত ঘিউৰ চাকি জ্বলাই আঁহত গছডাল ৭বাৰ প্ৰদক্ষিণ কৰিব পাৰে ৷

৪) পিতৃদোষ খণ্ডণৰ বাবে এই দিনটোত পায়স প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী অৰ্থাৎ (চাউল, গাখীৰ, কাজু- কিছমিছ, নাৰিকল) মন্দিৰত দান কৰিব পাৰে বা পায়স বনাইয়ো আপুনি লৈ যাব পাৰে ৷ এনে কৰাৰ ফলত পিতৃদোষৰ লগতে বিভিন্ন ধৰণৰ মানসিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে ৷

৫) দুখীয়া মানুহক দান দিব পাৰিলেও ভাল ফলাফল লাভ কৰিব ৷

৬) মৌনী অমাৱস্যাৰ দিনটোত যিকোনো মন্দিৰ শৰাই দিব পাৰে ৷ লগতে গৰু, কুকুৰ, আৰু পৰুৱাক খাদ্য দান কৰিব পাৰে ৷ পৰুৱাক খাদ্য দিলে সম্পৰ্ক ভাল হয় লগতে বিত্তীয় উন্মতি হয় ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা। ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. কোনো কামত অসফল হৈছে নেকি ? তেন্তে কামত আহিব শাস্ত্ৰৰ এই ৩টা কাহিনী
  2. মহাকুম্ভত সাধু-সন্তৰ সমাগম : মেলাৰ ইতিহাস আৰু ইয়াৰ তাৎপৰ্য জানো আহক
  3. অপৰাজিতা ফুলৰে কেনেদৰে আৰ্থিক দিশ শক্তিশালী কৰিব পাৰি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.