কাছাৰ, 15 এপ্ৰিল : লকডাউন চলি থকাৰ ফলত কাছাৰৰ আৰকাটিপুৰ চাহ বাগিছাত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । চাহ বাগিছাৰ শ্ৰমিকৰ লগতে গাঁওবাসীৰ মাজতো একেই অৱস্থা পৰিলক্ষিত হৈছে । নাই খাবলৈ খাদ্য সামগ্ৰী,পোৱা নাই সাহাৰ্যও। একো নাখাই খালি পেটে দিন-ৰাতি কটাবলৈ বাধ্য হৈছে বহুতো পৰিয়ালৰ লোকে । প্ৰধানমন্ত্ৰীৰ 1000 টকাৰ সাহাৰ্যও যেন তেওঁলোকৰ বাবে দুঃস্বপ্নৰ লেখীয়া হৈ পৰিছে । প্ৰধানমন্ত্ৰীৰ এই সাহাৰ্য কোনোবা হিতাধিকাৰীয়ে গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ দুৰ্ভাগ্যজনকবশতঃ এটুপি খোৱাপানীৰ বাবেও কাকূতি-মিনতি কৰিবলৈ বাধ্য হৈছে এলেকাৰ ৰাইজে ।
লগতে পঢ়ক : ধিঙত চৰকাৰী সাহাৰ্য বিতৰণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ