20 মাৰ্চ, শিলচৰঃ দুৰ্বৃত্তৰ গুলিত নিহত হোৱা বড়খলা বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতিছড়া পঞ্চায়তৰ নবনির্বাচিত সভাপতি আৰু বিজেপি নেতা সুখেন্দু দাসৰ মৃতদেহ বুধবাৰে নিজ বাসগৃহলৈ অনা হয়৷ নেতা জনৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছা পৰে৷ শ শ মানুহ উপস্থিত হৈ দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনায়৷
আনহাতে ঘটনাত আহত হোৱা অন্য এজন বিজেপি নেতা ৰিংকু সেনাপতিও গুলিবদ্ধ হৈ বৰ্তমান শিলচৰ মেডিকেল কলেজত মৃত্যুৰ স'তে যুঁজি থকা জনায়৷ ইতিমধ্যে ঘটনা লগত জৰিত দুজনকৈ লোকক সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে৷