ETV Bharat / state

অসম আৰক্ষীক গুলিয়াই হত্যাৰ ভাবুকি আগ্ৰাসী মিজোৰ

author img

By

Published : Jul 4, 2021, 3:29 PM IST

ৰেংটি সংৰক্ষিত বনাঞ্চলতো মিজোৱে এতিয়া আৰম্ভ কৰিছে আগ্ৰাসন । বন বিভাগৰ মূল্যবান গছ কাটি তহিলং কৰাৰ সমান্তৰালকৈ নিৰ্মাণ কৰিছে অস্থায়ী কেম্প ।

as_cachar_assam-mizoram-border-clash-story_video_ASC10043
অসম মিজোৰাম সীমান্তত অসম আৰক্ষী-বন বিভাগৰ কৰ্মীক গুলিয়াই হত্যাৰ ভাবুকি

হাইলাকান্দি, 4 জুলাই : হাইলাকান্দিৰ অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border)ত উত্তপ্ত পৰিস্থিতি চলি থকা সময়ত এইবাৰ কাছাৰতো উত্তপ্ত হৈ উঠিছে অসম-মিজোৰাম সীমান্ত (Assam Mizoram Border) । অসমৰ মাটিতে অসম আৰক্ষী (Assam Police) তথা বন বিভাগৰ লোকক মিজো আৰক্ষীয়ে গুলিয়াই হত্যাৰ ভাবুকি দিয়াৰ অভিযোগ উঠিছে । কেন্দ্ৰীয় বাহিনী নথকা হ'লে অসম আৰক্ষী তথা বন বিভাগৰ কৰ্মীক গুলিয়াই মাৰিলে হয় বুলি ভাবুকি দিয়ে মিজো আৰক্ষীৰ (Mizoram Police)জোৱানে । সেই সময়ত 12 APBN ৰ কেম্প'ত আছিল অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (Additional director general of police) হৰমিত সিং, দক্ষিণ অসমৰ উপ আৰক্ষী মহাপৰিদৰ্শক (Deputy Inspector General of Police)দেৱজিৎ মুখাৰ্জী, কাছাৰৰ আৰক্ষী অধীক্ষক চন্দ্ৰকান্ত নিলাম্বসহ আৰক্ষীৰ বহু শীৰ্ষ বিষয়া ৷

অসম-মিজোৰাম সীমান্তত আসম আৰক্ষীক গুলিয়াই হত্যাৰ ভাবুকি মিজো আৰক্ষীৰ

ধলাই সমষ্টি (Dholai Constituency) ৰ ৰেংটি পাহাৰ এলেকাত মিজো আগ্ৰাসনৰ বুজ ল'বলৈ যোৱা অসম আৰক্ষী (Assam Police) তথা বন বিভাগৰ দলটোৰ উদ্দেশ্যে গুলিয়াই হত্যাৰ ভাবুকি প্ৰদান কৰে মিজোৰামৰ আৰক্ষী তথা আই আৰ বেটেলিয়ানৰ জোৱানসকলে । আই আৰ বেটেলিয়ানৰ জোৱানসকলে লগতে কেন্দ্ৰীয় বাহিনী নাথাকিলে অসমৰ মাটিত অসম আৰক্ষী তথা বনবিভাগৰ লোকক গুলিয়াই মাৰিলে হয় বুলিও ভাবুকি প্ৰদান কৰে ৷

উল্লেখযোগ্য যে, ৰেংটি সংৰক্ষিত বনাঞ্চলতো (Rengti reserve forest) মিজোৱে এতিয়া আৰম্ভ কৰিছে আগ্ৰাসন । বন বিভাগৰ মূল্যবান গছ কাটি তহিলং কৰাৰ সমান্তৰালকৈ নিৰ্মাণ কৰিছে অস্থায়ী কেম্প । অৱশ্যে অসমৰ মাটিত থকা মিজোৰ এখন অস্থায়ী কেম্প ভাঙিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ দল ।

হাইলাকান্দি জিলাৰ বিলাইপুৰ ধলছেৰা অঞ্চলত বিগত প্ৰায় চাৰিটা দিন ধৰি অসম আৰক্ষী (Assam Police) ৰ এটা বিশাল বাহিনীৰ দল সীমান্তত প্ৰহৰা অৱস্থাত আছে । আনকি শুকুৰবাৰে অসম আৰক্ষী (Assam Police) ৰ সৈতে মিজো আৰক্ষী (Mizoram Police)ৰ লোকে সংঘাতত লিপ্ত হৈছিল । ঠিক তেনে সময়তে আকৌ উত্তপ্ত হৈ উঠিছে কাছাৰৰ অসম মিজোৰাম সীমান্ত (Assam Mizoram Border) ।

লগতে পঢ়ক : অইলৰ নিযুক্তিত 4 জিলাৰ প্ৰাৰ্থীক প্ৰাধান্য: আলফা(স্বা)ৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.