ETV Bharat / state

বিদ্যুৎ বিভাগৰ গাফিলতিত অতিষ্ঠ হাটশিঙীমাৰি ৰাইজ - মানকাচৰ

নিয়মীয়া বিদ্যুৎ যোগান তথা বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বিৰুদ্ধে আমচুৰ প্ৰতিবাদ ৷ লগতে, বিদ্যুৎ সমস্যাৰ সমাধানৰ লগতে কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ সংগঠনটোৰ ৷

etv bharat
author img

By

Published : Jul 5, 2019, 5:31 AM IST

মানকাচৰ, 5 জুলাইঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিদ্যুৎ বিভাগৰ অনিয়মীয়তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আমছু সংগঠনৰ ৷ বৃহস্পতিবাৰে হাটশিঙিমাৰী জিলা উপায়ুক্ত কায্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ উল্লেখযোগ্য যে, জিলাখনত দীৰ্ঘদিন ধৰি বিভাগীয় গাফিলতিৰ বাবে বিদ্যুৎ যোগান অনিয়মীয়া হৈ থকা, জধে-মধে অতিৰিক্ত বিদ্যুৎ মাচুল আদায় কৰি গ্ৰাহকক হাৰা-শাস্তি কৰা, বিকলহৈ পৰা ট্ৰান্সফৰ্মাসমূহৰ সলনি কৰা ব্যৱস্থা নোলোৱা, পুৰনি বৈদ্যুতিক তাঁৰ সলনি নকৰা আদি অভিযোগ স্থানীয় ৰাইজৰ ৷

বিদ্যুৎ বিভাগৰ গাফিলতিত অতিষ্ঠ হাটশিঙীমাৰি ৰাইজ

বহুবাৰ এই সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়ো ফলাফল নোপোৱাত বৃহস্পতিবাৰে প্ৰতিবাদত নামি পৰে আমছু সংগঠনটো ৷ লগতে, প্ৰতিবাদকাৰীয়ে নিয়মীয়া বিদ্যুৎ যোগান ধৰা, ২৪ ঘণ্টা বিদ্যুৎ যোগানৰ চৰকাৰী প্ৰতিশ্ৰুতি বিচাৰি, লগতে, অনিয়মীয়া বিদ্যুৎ মাচুল বন্ধ কৰা আদিকে ধৰি কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

sample description
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.