ETV Bharat / state

কাছাৰত 'মানুহে মানুহৰ বাবে' শীৰ্ষক সজাগতামূলক অনুষ্ঠান

author img

By

Published : Feb 6, 2021, 11:17 AM IST

কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শুকুৰবাৰে 'মানুহে মানুহৰ বাবে' শীৰ্ষক এখন সংস্কাৰ মূলক অনুষ্ঠান অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত সমাজ সজাগতামূলক নাটকো মঞ্চস্থ কৰে উদ্যোক্তা সকলে ৷

SanskarAwareness Program Organised By Administration, Cashar
কাছাৰত 'মানুহে মানুহৰ বাবে' শীৰ্ষক সজাগতামূলক অনুষ্ঠান

শিলচৰ, 6 ফেব্ৰুৱাৰী: বিংশ শতিকা পাৰ হোৱাৰ পিছতো ৰাজ্যত বিভিন্ন প্ৰান্তত ভিন্ন ধৰণৰ কু-নৈতিক কাৰ্য সংঘটিত হৈ আহিছে ৷ বিভিন্ন সময়ত বিভিন্ন অন্ধবিশ্বাসৰ বলি হৈ একাংশ অচেতন লোকে কু-নৈতিক কাৰ্যত লিপ্ত হোৱা দেখা যায় ৷ এই ধৰণৰ সমাজত প্ৰচলিত কু সংস্কাৰ দূৰ কৰাৰ উদ্দেশ্যে শুকুৰবাৰে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা পৰিষদৰ প্ৰেক্ষাগৃহত সুধা কণ্ঠ ড0 ভূপেন হাজৰিকাৰ এটি জনপ্ৰিয় গীতৰ কলিৰ আধাৰত 'মানুহে মানুহৰ বাবে' শীৰ্ষক এক সজাগতামূলক অনুষ্ঠান আয়োজন কৰে ৷

সমাজত কু-সংস্কাৰ দূৰ কৰি মানুহৰ মাজত বৈজ্ঞানিক দৃষ্টি ভংগীৰ ভাৱধাৰাৰে এখন সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰে জিলা প্ৰশাসনে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি উদ্যোক্তা সকলে এখন নাটকো মঞ্চস্থ কৰে উদ্যোক্তা সকলে ৷ এই অনুষ্ঠানত উপস্থিত থাকে উপায়ুক্ত কিৰ্তী জলি,বৰখলাৰ বিধায়ক কিশোৰ নাথ বন্দ আৰু বিধায়ক মিহিৰ কান্তি সোমৰ লগতে স্থানীয় বহু লোক উপস্থিত থাকে ৷

লগতে পঢ়ক-সৰুসজাইত ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.