বঙাইগাঁও,০১ এপ্ৰিল: ভণ্ড চিকিৎসকৰ লাজ লগা কাণ্ডই জোকাৰিছে বঙাইগাঁৱৰ বালাৰচৰ । এগৰাকী মহিলাক নিচাজাতীয় টেবলেট খুৱাই ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে(Woman accuses doctor of rape in Bongaigaon) ।
ওচমানী বজাৰৰ আমিন মেডিকেলৰ স্বত্বাধিকাৰী তথা ঘৰুৱা চিকিৎসক ৰাজিবুল ইছলামে নিশা এগৰাকী মহিলাক চিকিৎসাৰ নামত নিচাজাতীয় টেবলেট খুৱাই ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । গা দুৰ্বল হোৱাৰ বাবে মহিলাগৰাকীয়ে চিকিৎসকজনৰ কাষ চপাৰ কথা উল্লেখ কৰে । পিছত চিকিৎসকজনে নিশা মহিলাৰ স্বামী ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰলৈ গৈ এটা টেবলেট খাবলৈ দিয়ে ।
মহিলাগৰাকীয়ে টেবলেট খোৱাৰ পিছতেই অচেতন হ’বলৈ ধৰাত চিকিৎসকজনে সুযোগ বুজি যৌন উৎপীড়ন চলোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে । মুহুৰ্ততে মহিলাগৰাকীৰ স্বামী ঘৰত উপস্থিত হোৱাত পত্নীৰ এনে অৱস্থা দেখি চিকিৎসকজনক আটক কৰিবলৈ চেষ্টা কৰে যদিওঁ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে ।
নিশাই ঘৰখনত ওচৰ চুবুৰীয়া উপস্থিত হৈ চিকিৎসক ৰাজিবুল ইছলামৰ মোবাইল, ছেণ্ডেল আদি জব্দ কৰিবলৈ সক্ষম হয় । ঘটনা সংক্ৰান্তত নিশা ৰাইজমেল বহি চিকিৎসকক সমূহীয়া বিচাৰ কৰি জৰিমনা বিহা বুলি স্থানীয় ৰাইজে সদৰি কৰে ।
লগতে পঢ়ক : Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে