চিৰাং, 26 আগষ্ট: কিছুদিন পূৰ্বে বঙাইগাঁও জিলাৰ গৰাইমাৰীত সংঘটিত হৈছিল হিমাচল প্ৰদেশৰ এজন ট্ৰাক চালক তথা মালিকৰ হত্যাকাণ্ড ৷ সেই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত বঙাইগাঁও আৰক্ষীয়ে ছত্তিশগড়ৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযুক্ত দুজনক ৷ অভিযুক্ত দুজনক বঙাইগাঁও আৰক্ষীৰ এটা দলে ছত্তিশগড়ৰ ৰায়পুৰৰ পৰা স্থানীয় আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি বঙাইগাঁৱলৈ আনে ৷ বুধবাৰে বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতিয়ে সংবাদ মাধ্যমযোগে অৱগত কৰে এই কথা ৷
বঙাইগাঁও সদৰ থানাত অনুষ্ঠিত এখন সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সদৰি কৰে যে, বিগত ১৪ জুলাইত হিমাচল প্ৰদেশৰ ঊনা জিলাৰ দেংৰা গাঁৱৰ এগৰাকী মহিলাই তেওঁৰ স্বামী, ট্ৰাকৰ মালিক তথা ট্ৰাক চালক দেবেন্দ্ৰ কুমাৰ(৫০) ৰ সৈতে, ৮ জুলাইৰ পৰা পৰা কোনো যোগাযোগ কৰিব পৰা নাই ৷ লগতে তেওঁৰ মোবাইলটোও বন্ধ হৈ থকা বুলি জনাই কিবা বিপদত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছিল চালক জনৰ পত্নীয়ে ৷ দেবেন্দ্ৰ কুমাৰৰ ঘৰ যদিওবা হিমাচল প্ৰদেশত তেওঁ অসমৰ তিনিচুকীয়া জিলালৈ সামগ্ৰী কঢ়িয়াই অনাৰ পাচত লক্ ডাউনত আৱদ্ধ হৈ অসমতে থাকি কোনো কোনো ঠাইত ভাড়া হিচাৰে গাড়ী চলাইছিল ৷ এই সন্দৰ্ভত মহিলা গৰাকীয়ে অনলাইনযোগে বঙাইগাঁও থানাত এখন এজাহাৰো দাখিল কৰে ৷
উক্ত এজাহাৰৰ ভিত্তিত বঙাইগাঁও আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ আৰু ৩৬৫ ধাৰাৰ অধীনত ৪৮৮/২০ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষী মহাপৰিদৰ্শকৰ নিৰ্দেশমৰ্মে আৰক্ষীৰ উপ মহাপৰিদৰ্শকে আৰক্ষী অধীক্ষকক লৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰে আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে ৷ তদন্তৰ সময়তে দুয়োজন অভিযুক্তৰ সন্ধান লাভ কৰে তদন্তকাৰী দলটোৱে ৷ অভিযুক্ত দুজনে ছত্তিশগড়ৰ ৰায়পুৰত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পাচতেই বঙাইগাঁও জিলা আৰক্ষীয়ে ছত্তিশগড় আৰক্ষীৰ সৈতে যোগাযোগ কৰে ৷
২১ আগষ্টত বঙাইগাঁও আৰক্ষীৰ এটা দল ছত্তিশগড়লৈ ৰাওনা হয় আৰু ছত্তিশগড় আৰক্ষীৰ সহযোগত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ হত্যাকাণ্ডটোৰ লগত জড়িত দুয়োজন অভিযুক্তৰ নাম মনপ্ৰীত সিং(২৯) আৰু হৰবিন্দৰ সিং (৫১) বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ দুয়োটা অভিযুক্ত পাঞ্জাৱৰ বাসিন্দা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰকাশ কৰা মতে, দেবেন্দ্ৰ কুমাৰক হত্যা কৰাৰ লগতে দেবেন্দ্ৰ কুমাৰৰ HP-৭২B-৪৪০২ নম্বৰৰ ট্ৰাকখন ৰায়পুৰত বিক্ৰী কৰা বুলি স্বীকাৰ কৰিছে অভিযুক্ত দুজনে ৷ দুয়োৰে স্বীকাৰোক্তি মতে ৮ জুলাইত ট্ৰাক চালক দেবেন্দ্ৰ কুমাৰক দুয়োয়ে ডিঙি চেপি হত্যা কৰিছিল ৷ দেবেন্দ্ৰ কুমাৰৰ সৈতে মনপ্ৰীত সিং আৰু হৰবিন্দৰ সিঙৰ কাজিয়া লাগিছিল ৷ সেই কাজিয়াই চূড়ান্ত ৰূপ লোৱাত সেই দিনাই চাপৰৰ এক অঞ্চলত পেলাই থৈ দেবেন্দ্ৰ কুমাৰৰ ট্ৰাকখন লৈ অসমৰ পৰা লৈ পলায়ণ কৰে অভিযুক্ত দুজনে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে, দেবেন্দ্ৰ কুমাৰ লক্ ডাউনৰ বাবে অসমত আবদ্ধ হৈ পৰাত অসমত থাকি ট্ৰাকযোগে বিভিন্ন ঠাইলৈ সামগ্ৰী অনা-নিয়া কৰিছিল ৷ এইদৰে ঘূৰি ফুৰোতে মনপ্ৰীত সিং আৰু হৰবিন্দৰ সিঙৰ সৈতে দেবেন্দ্ৰ কুমাৰৰ বন্ধুত্ব হৈছিল ৷ তেনেকৈয়ে চিনাকি হৈছিল আটাইকেইজন লোকৰ ৷
লগতে পঢ়ক: তেজপুৰত আত্মপ্ৰকাশ "সংযুক্ত আঞ্চলিক দল অসম" নামে নতুন ৰাজনৈতিক দল