১৫ মাৰ্চৰ পৰা হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা
শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ ঘোষণা ৷ অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (Education deparment announced date for HSLC exam)৷
সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ সময়তে নিচাত মাতাল মহিলা আৰক্ষী
নৱবৰ্ষৰ প্ৰাকক্ষণত সুৰাপায়ী লোকৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী ৷ তেনে সময়তে কিন্তু এইবাৰ মদৰ নিচাত ৰাস্তাত পৰি ৰোৱা দেখা গ'ল এগৰাকী মহিলা আৰক্ষীক(Woman cop in uniform seen drinking) । তাকো আদালতৰ সন্মুখত । এই ঘটনা বুধবাৰে নাহৰকটীয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশ আৰু ন্যায়াধিকৰ্ত্তা আদালতৰ সন্মুখৰ ৷
Heparin spray to fight Covid-19:প্ৰতিষেধকৰ পাছত ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ নাকৰ স্প্ৰে
ক'ভিড প্ৰতিৰোধৰ বাবে বিশ্ববাসীয়ে প্ৰতিষেধক গ্ৰহণ কৰি আছে । ইয়াৰ মাজতে অষ্ট্ৰেলিয়াৰ গৱেষকসকলে উদ্ভাৱন কৰিছে নাকৰ স্প্ৰে (Australian researchers developed nasal spray against covid-19)। ক'ভিডৰ বিৰুদ্ধে যুঁজিবলৈ আন এক নতুন আহিলা । পিছে ক'ভিডৰ বিৰুদ্ধে এই নাকৰ স্প্ৰে কেনেদৰে কাম কৰিব ? ফলপ্ৰসূ হ'বনে নাকৰ স্প্ৰে ?
আছুক দেখি বেৰিকেড পাৰ হৈ খৰখেদাকৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা
চাবুৱাত নিশা ভলীবল খেলৰ মাজতে আছুৰ প্ৰতিবাদ (AASU's protest in Chabua) ৷ আছুৰ প্ৰতিবাদ দেখি খেলপথাৰৰ পৰাই বেৰিকেড পাৰ হৈ উভতিল চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা ৷
Sahitya Akademy Award 2021 : বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা
বিশিষ্ট সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা(Anuradha Sharma Pujari conferred with Sahitya Akademy Award) । "ইয়াত এখন অৰণ্য আছিল" শীৰ্ষক উপন্যাসখনৰ বাবে এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছে লেখিকাগৰাকীলৈ । লগতে মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে বাল(শিশু) সাহিত্য অকাডেমী বঁটা ।
Book release: নগাঁও প্ৰেছ ক্লাৱত উন্মোচন ‘অশ্ৰুকন্যাৰ সাধু’
সামাজিক মাধ্যমৰ ইতিবাচক দিশ ৷ নগাঁও প্ৰেছ ক্লাৱত উন্মোচন "অশ্ৰুকন্যাৰ সাধু" (Book release of Ashrukanya Sadhu) ৷ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক ছায়ামণি ভূঁঞা, নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷
Gumball India Car Rally: গামৱেল ইণ্ডিয়া কাৰ ৰেলীত বিজয়ী বিশেষভাৱে সক্ষম দুই যুৱক
GUMBALL INDIA সংস্থাই আয়োজন কৰা 2022 বৰ্ষৰ Non-stop বাহন চলোৱা প্ৰতিযোগিতাত বিজয়ী শিতাপ দখল কৰিবলৈ সক্ষম হয় বিশেষভাৱে সক্ষম গুজৰাটৰ প্ৰশান্ত গড়কানে আৰু তেওঁৰ সতীৰ্থই ৷ GUMBALL INDIA সংস্থাৰ দ্বাৰা আয়োজিত এই ৰেলীত অংশগ্ৰহণ কৰা দলকেইটা বুধবাৰে নিশা উপস্থিত হয় বোকাখাতত ৷
সৰিয়হৰ ডুলিতে ভূত : ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত গৃহৰক্ষী জোৱান
নগাঁৱত তুংগত আনন্দ মিশ্র বাহিনীৰ ড্ৰাগছ বিৰোধী অভিযান(Anti drugs mission by team Ananda Mishra) । এইবাৰ ড্ৰাগছৰ ব্যৱসায়ত জড়িত এগৰাকী গৃহৰক্ষী জোৱান। হোজাই আৰক্ষীৰ গৃহৰক্ষী জোৱানৰ ঘৰৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে সজীৱ গুলী। আৰক্ষীৰ জালত হোমগাৰ্ড মজিবুৰ ।
তিনি পালি ক’ভিড প্ৰতিষেধক গ্ৰহণকাৰীৰ কোৱাৰেণ্টাইন বাতিল
বিশ্বব্যাপী বৃদ্ধি হৈছে অ’মিক্ৰণৰ সংক্ৰমণ ৷ ভাৰতৰ দৰে ইউৰোপৰো অধিকাংশ দেশতে সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ এই নতুন ভেৰিয়েণ্টৰ (Omicron cases in Italy) ৷ অ’মিক্ৰণৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সলনি কৰা হৈছে কেতবোৰ নীতি-নিৰ্দেশনা ৷
Dibrugarh SP pressmeet : আছুৰ অভিযোগক মিছা আখ্যা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ
আছু আৰু ডিব্ৰুগড় আৰক্ষীৰ মাজত সংঘটিত হৈ থকা তীব্ৰ সংঘাতৰ (Clash betwwen Dibrugarh police And AASU) পিছত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত মুখ খুলিছে জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই ৷ আছুৰ অভিযোগক মিছা আখ্যা আৰক্ষী অধীক্ষকৰ ৷