ETV Bharat / state

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি
11 বজাৰ 10 টা শীৰ্ষ বাতৰি
author img

By

Published : Nov 6, 2022, 10:57 AM IST

Assam Grade 3 Result 2022 : আজি ঘোষণা হ'ব অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ লিখিত পৰীক্ষাৰ ফলাফল

আজি ঘোষণা হ'ব তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল (Grade 3 result)। Sebaonline.org ৱেৱচাইটযোগে ফলাফল লাভ কৰিব পৰীক্ষাৰ্থীয়ে ৷

ICC T20 WC: দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ছেমিফাইনেলৰ পথ প্ৰশস্ত কৰিলে ভাৰতৰ

আই চি চি টি-20 বিশ্বকাপত নেডাৰলেণ্ডৰ হাতত 13 ৰাণত পৰাস্ত দক্ষিণ আফ্ৰিকা ৷ দক্ষিণ আফ্ৰিকাৰ পৰাজয়ে ছেমি ফাইনেলত পথ প্ৰশস্ত কৰিলে টীম ইণ্ডিয়াৰ (India qualified for Semifinals) ৷

Experimental farming at Rangia : হেমা-কৰিশ্মা-আস্থাই আনিছে কৃষকলৈ আশাৰ বতৰা

হেমা, কৰিশ্মা আৰু আস্থাই আনিছে অসমৰ কৃষকলৈ সুখবৰ । হেমা, কৰিশ্মা অথবা আস্থা অৱশ্যে কোনো মহিলা বা যুৱতী নহয় ৷ এয়া হৈছে ধানৰ উন্নত জাত (Improved varieties of paddy) । এইকেইটা জাতকে ধৰি সমুদায় দহটা উন্নত জাতৰ খেতি পৰীক্ষণমূলকভাৱে কৰি আছে ৰঙিয়া নকুলৰ কৃষকসকলে ।

Lt Gen Rana Pratap Kalita : নৱ প্ৰজন্মৰ বাবে কাম কৰিবলৈ আগ্ৰহী লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ৰঙিয়াত লেফ্টেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক সম্বৰ্ধনা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ (Lt Gen Rana Pratap Kalita felicitated at Rangia)। এক মতবিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে সপোন বাস্তৱত পৰিণত কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰু সাধনা কৰা প্ৰয়োজন ।

Anti Dengue Operation at Diphu : ডিফুত দিন-ৰাতি একাকাৰ কৰি ডেংগু প্ৰতিৰোধী অভিযান

ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ (Dengue at Diphu) ৷ চৰকাৰী তথ্য অনুসৰি ৩০৮ জন আক্ৰান্ত, ৩ জনৰ মৃত্যু ৷ ডিফুত বাহৰ পাতি দিন-ৰাতি একাকাৰ কৰি ডেংগু প্ৰতিৰোধত লাগিছে আই এ এছ ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া ৷

Siang river become turbid: হঠাৎ ঘোলা হৈ পৰিছে চিয়াং নদীৰ পানী

শুকুৰবাৰে সন্ধিয়াৰ পৰা হঠাৎ চিয়াং নদীৰ পানী ঘোলা হৈ পৰে (Siang river in Arunachal Pradesh)। ৰঙা চীনে ব্ৰহ্মপুত্ৰৰ উৎস চাংপোত বান্ধ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰাৰ ফলতে নদীখনৰ এনে পৰিৱৰ্তন হৈছেনে নেকি ? নে তীব্ৰতৰ ভূমিস্খলনৰ ফলত চিয়াং নদীৰ পানী পৰিৱৰ্তন হৈছে ? ৰহস্যৰ আৱৰ্তত চিয়াঙৰ পানী ঘোলা হোৱাৰ ৰহস্য ৷

Awareness Rally in Darrang : দৰং জিলাত চলিত বৰ্ষৰ দুৰ্ঘটনাত ৬৯ গৰাকীৰ মৃত্যু, ১৮১ গৰাকী আহত

দৰং জিলা পৰিবহন বিভাগৰ পথ সজাগতা ৰেলী ৷ জিলাখনত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা ৷ চলিত বছৰতে ২১৩ টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে উক্ত দুৰ্ঘটনাত ৬৯ গৰাকী লোকৰ মৃত্যু আৰু ১৮১ গৰাকী লোক আহত হৈছে (Road accident in Darrang)৷

Rising Sun Water Fest 2022: জলক্রীড়াৰ প্ৰচাৰত অসম-মেঘালয় চৰকাৰে একেলগে কাম কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

বিগত ৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা ‘ৰাইজিং ছান ৱাটাৰফেষ্ট-২০২২’ৰ (Rising Sun Water Fest 2022) সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ‘ৰাইজিং ছান ৱাটাৰ ফেষ্ট’ৰ দৰে জলক্ৰীড়া উৎসৱে ভৱিষ্যতে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ জলক্ৰীড়াৰ সৈতে জড়িত ক্ৰীড়াবিদক আকর্ষণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

Indian-origin boy Prajwal in core team of UK PM: ঋষি ছুনাকৰ মূল সমিতিত অন্তৰ্ভূক্ত ভাৰতীয় বংশোদ্ভৱ প্ৰজ্জ্বল পাণ্ডে

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাকৰ মূল সমিতিত (Core committee of UK PM) অন্তৰ্ভূক্ত ভাৰতীয় বংশোদ্ভৱ প্ৰজ্জ্বল পাণ্ডে ৷ প্ৰজ্জ্বলে ৰাষ্ট্ৰসংঘৰ মুখ্য বিজ্ঞানী আৰু হাউচ অৱ লৰ্ডছৰ সহকৰ্মীসকলৰ সৈতে জলবায়ু নীতিৰ খচৰা প্ৰস্তুত কৰাতো কাম কৰিছে ।

Land pattas to indigenous landless people: ঢেকিয়াজুলিৰ ১,৩০১টা খিলঞ্জীয়া জনজাতীয় পৰিয়ালক ভূমিপট্টা বিতৰণ

বন অধিকাৰ আইন ২০০৬ অনুসৰি ঢেকিয়াজুলিৰ খিলঞ্জীয়া জনজাতীয় পৰিয়ালৰ মাজত শনিবাৰে বিতৰণ কৰা হয় ভূমিপট্টা(Land pattas to indigenous landless people) ৷ আজি ১৩ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ভূমিপট্টা বিতৰণ কৰি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ডিচেম্বৰত আন ৬০০-৭০০ গৰাকী পৰিয়ালক প্ৰদান কৰা হ’ব ভূমি পট্টা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.