উত্তৰ অভয়াপুৰী, 30 ছেপ্তেম্বৰ : মাণিকপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানাহ নদীৰ ওপৰত থকা দলঙত ভয়াবহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় শিশু, মহিলাসহ তিনিজনকৈ বাইক আৰোহী ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে উপস্থিত হয় আৰক্ষী বিভাগৰ লোক ৷
AS 19 B-7361 নং বাইকেৰে 3 নং ছালাবিলা গাঁৱৰ পৰা বিজনীৰ আলহীত খাবলৈ যোৱাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । নিহত তিনিওজন পতি-পত্নী আৰু তেওঁলোকৰ নাতিনী বুলি চিনাক্ত কৰা হৈছে ৷
লগতে পঢ়ক : নৱ নিযুক্ত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীলিপ শইকীয়াক সম্বৰ্ধনা অসম ৰাজ্যিক বিজেপিৰ