ETV Bharat / state

অভয়াপুৰীৰ নিৰ্বাচনী প্ৰচাৰত আক্ৰমণাত্মক তৰুণ গগৈ - Tarun gogoi meeting

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ।

অভয়াপুৰীৰ নিৰ্বাচনী প্ৰচাৰত আক্ৰমণাত্মক তৰুণ গগৈ
author img

By

Published : Apr 15, 2019, 5:40 AM IST

15 এপ্ৰিল, অভয়াপুৰীঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ পিছত এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে । দেওবাৰে অভয়াপুৰীৰ লেংটিছিঙাত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । এই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । ভাষণ প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী জনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । এই বিধেয়ক খন উত্থাপন কৰি বিজেপিয়ে অসমীয়া আৰু বঙালীৰ মাজত দণ্ডৰ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে তেওঁ কয় যে , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাম্প্ৰদায়িক বীজ সিচি আৰ এছ এছ আৰু নাগপুৰৰ কথা মতেই বান্দৰ নাচা দি নাচি আছে ।

অভয়াপুৰীৰ নিৰ্বাচনী প্ৰচাৰত আক্ৰমণাত্মক তৰুণ গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী জনে লেংটিছিঙাৰ এই নিৰ্বাচনী সভাৰ অন্তত সাংবাদিকৰে কথাবতৰাত এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যখনত সৰ্বাধিক আসন লাভ কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰাৰ লগতে বিজেপি দলটো নুপুংসকৰ দল বুলি অভিহিত কৰে । বৰ্তমান কংগ্ৰেছত যুৱশক্তিৰ পয়োভৰ ঘটাৰ বিপৰীতে বিজেপি দলটোত আউটডেটেট নেতাৰ সমাগম ঘটা বুলিও মন্তব্য কৰে । লগতে বিজেপি চৰকাৰখনে ৰাজ্যখনত কোনোধৰণৰ উন্নয়নমূলক কাম নকৰাৰ বিপৰীতে তেওঁৰ দিনতহে উন্নয়নমূলক কামবোৰ হোৱা বুলি দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী জনে ।

যুৱ কংগ্ৰেছৰ সভাপতি প্ৰদীপ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেক, অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰি অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে । এই নিৰ্বাচনী সভাত কেবা সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

Intro:অভয়াপুৰীত নিৰ্বাচনী সভাত তৰুণ গগৈBody:Slug: *অভয়াপুৰীত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ*
Date: ১৫ এপ্ৰিল ২০১৯

Anchor: ৬ নং বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।

Voice Over- প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ অন্ত পৰাৰ পিছত এতিয়া দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। দেওবাৰে অভয়াপুৰীৰ লেংটিছিঙাত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেকৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ । ভাষণ প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী জনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। এই বিধেয়ক খন উত্থাপন কৰি বিজেপিয়ে অসমীয়া আৰু বঙালীৰ মাজত দণ্ডৰ সৃষ্টি কৰিব বিচাৰিছে বুলি অভিযোগ কৰে। লগতে তেওঁ কয় যে , মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সাম্প্ৰদায়িক বীজ সিচি আৰ এছ এছ আৰু নাগপুৰৰ কথা মতেই বান্দৰ নাচা দি নাচি আছে। visual 1

V.O- প্ৰাক্তন মুখ্যমন্ত্ৰী জনে লেংটিছিঙাৰ এই নিৰ্বাচনী সভাৰ অন্তত সাংবাদিকৰে কথাবতৰাত এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজ্যখনত সৰ্বাধিক আসন লাভ কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰাৰ লগতে বিজেপি দলটো নুপুংসকৰ দল বুলি অভিহিত কৰে। বৰ্তমান কংগ্ৰেছত যুৱশক্তিৰ পয়োভৰ ঘটাৰ বিপৰীতে বিজেপি দলটোত আউটডেটেট নেতাৰ সমাগম ঘটা বুলি মন্তব্য কৰে। লগতে বিজেপি চৰকাৰখনে ৰাজ্যখনত কোনোধৰণৰ উন্নয়নমূলক কাম নকৰাৰ বিপৰীতে তেওঁৰ দিনতহে উন্নয়নমূলক কামবোৰ হোৱা বুলি দাবী কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী জনে। Byte- তৰুণ গগৈ।

V.O- যুৱ কংগ্ৰেছৰ সভাপতি প্ৰদীপ সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী আব্দুল খালেক, অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়ক আব্দুল হাই নাগৰি অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। এই নিৰ্বাচনী সভাত কেবা সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে।
Regards
Instability Das
News Contributor
ETV BHARAT
Abhayapuri SouthConclusion:Visual 3

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.