ETV Bharat / state

অসামাজিক কাৰ্য-কলাপৰ ঘাটিলৈ ৰূপান্তৰ ঢাকানাবাৰীৰ উপ স্বাস্থ্যকেন্দ্ৰ - মদ-জোৱাৰ ঘাটিলৈ ৰূপান্তৰিত ঢাকানামাৰীৰ উপ-স্বাস্থ্যকেন্দ্ৰ

পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে ঢাকানাবাৰীৰ উপ স্বাস্থ্যকেন্দ্ৰ ৷ 2014-2015 চনত স্থাপন হোৱা উপ স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান মদ-জুৱাৰ ঘাটিলৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

মদ-জোৱাৰ ঘাটিলৈ ৰূপান্তৰিত ঢাকানামাৰীৰ উপ-স্বাস্থ্যকেন্দ্ৰ

author img

By

Published : May 25, 2021, 2:32 PM IST

বঙাইগাঁও,25 মে’: ৰাজ্যৰ চিকিৎসা খণ্ডৰ ভিতৰত চলি আছে এক আজৱ কাণ্ড ৷ পৰ্যাপ্ত চিকিৎসালয়ৰ অভাৱত হাহাকাৰ কৰিব লগাত পৰিছে ৰোগী ৷ কিন্তু তেনে সময়তে বঙাইগাঁও জিলাৰ এটা উপ স্বাস্থ্যকেন্দ্ৰ পৰি ৰৈছে পৰিত্যক্ত অৱস্থাত ৷

ৰাজ্যত কৰ’ণাত আক্ৰান্ত হোৱা ৰোগীৰ বাবে পৰ্যাপ্ত চিকিৎসালয় তথা আছুতীয়া চিকিৎসা কক্ষৰ অভাৱ দেখা দিয়াৰ মাজতে বঙাইগাঁও জিলাৰ ঢাকানাবাৰীত থকা উপ স্বাস্থ্যকেন্দ্ৰটোৰ অৱস্থাই চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ ৷ কিয়নো ঢাকানাবাৰীত থকা উপ স্বাস্থ্যকেন্দ্ৰটো স্থাপন কৰাৰ পাচতো কাৰ্যক্ষম নহ’ল ৷

অসামাজিক কাৰ্য-কলাপৰ ঘাটিলৈ ৰূপান্তৰ ঢাকানাবাৰীৰ উপ স্বাস্থ্যকেন্দ্ৰ

এতিয়া এই উপ স্বাস্থ্যকেন্দ্ৰটোৰ চাৰিওকাষ ঘন জংঘল আৰু সুৰাৰ বটলৰে ভৰি পৰিছে ৷ এক প্ৰকাৰে এই উপ স্বাস্থ্যকেন্দ্ৰটো একমাত্ৰ মদ-জুৱা তথা অসামাজিক কাৰ্য-কলাপৰ ঘাটিলৈহে ৰূপান্তৰিত হৈছে ৷

উল্লেখ্য যে, 2014-2015 চনত স্থাপন কৰা হৈছিল এই উপ স্বাস্থ্যকেন্দ্ৰটো ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ অভাৱত আজিও পৰিত্যক্ত অৱস্থাতেই পৰি ৰৈছে ৷ যাৰ বাবে অঞ্চলবাসী ৰাইজে চিকিৎসাৰ নামত হাহাকাৰ কৰিবলগাত পৰিছে ৷

এফালে কাল কৰ’ণাৰ প্ৰকোপ, আনফালে স্বাস্থ্যকেন্দ্ৰৰ এই অৱস্থাই শংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ শীঘ্ৰে ঢাকানাবাৰীৰ এই উপ স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলিবলৈ ৰাইজে চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক: য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.