মানিকপুৰ, 23 এপ্ৰিল : পহিলা ব’হাগত অহা কাল ধুমুহাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন কৰাৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছো । ক’ৰবাত যদি ঘৰ দুৱাৰ ভাগিছে আন ক’ৰবাত আকৌ গছ গছনি উভালি পৰি ব্যাহত হৈছে যাতায়ত আৰু যোগাযোগ ব্যৱস্থা । ক’ৰবাত আকৌ ধুমুহাৰ ফলত গছৰ চেপাত পৰি মৃত্যু হৈছে মানুহৰ ।
কিন্তু বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত কালিকুৰা, জপেয়া, মাত্ৰাঘোলা, গোলাপাৰা নাম্বাৰপাৰা আদি কৰি বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ খেতিয়কৰ সপোন মূহুৰ্ততে তচনচ কৰি পেলাইছে এই ধুমুহা-বৰষুণে । বিগত সময়ত বৃহত্তৰ এই অঞ্চলকেইটাৰ প্ৰতিজন খেতিয়কে মাকৈ খেতিৰে লাভান্বিত হৈ আহিছে ।
এইবাৰ পহিলা ব’হাগৰ কাল ধুমুহা আৰু নেৰানেপেৰা বৰষুণে প্ৰতিজন খেতিয়কৰ সপোন চূৰমাৰ কৰি দিছে । ধুমুহাত ভাগি পৰিছে সোণালী গুটিৰ সেউজীয়া গছবোৰ । হাজাৰ হাজাৰ বিঘা মাকৈ খেতি এতিয়া পচি শেষ হৈ গৈ আছে(Storm damage in cornfield) । বিঘাই প্ৰতি 20-25 হাজাৰ টকা খৰছ কৰি এতিয়া কৃষকসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে ।
কোনো খেতিয়কে নিজৰ মাটিত খেতি কৰি লোকচানৰ সন্মুখীন হোৱাৰ লগতে আন কিছুমান খেতিয়কে মাটি বন্ধকত ৰাখি খেতি কৰি দুগুণ লোকচানৰ সন্মুখীন হৈছে । এই অঞ্চলকেইটাৰ খেতিয়কসকলে এতিয়া চৰকাৰ তথা কৃষি বিভাগক ইয়াৰ এক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ৷
আনহাতে মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নোৱাগাঁও আৰু আবাদী অঞ্চলতো খেতিয়কৰ মাজত সৃষ্টি হৈছে একে পৰিস্থিতি ৷ অঞ্চলকেইটাত বিঘাই প্ৰতি ২০/২৫ মোন কৈ গোমধান তথা ঘেঁহু হৈছিল, যদিও পথাৰতে নষ্ট হোৱাত কৃষকে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে ।
জানিব পৰা মতে, বিগত প্ৰায় ২০-২২ দিন নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ বাবে পথাৰতে ঘেঁহু গেং ওলাই নষ্ট হৈ পৰে খেতি ৷ মানিকপুৰ ৰাজহ চক্ৰৰ বিষয়া পথাৰত উপস্থিত হৈ পৰ্যবেক্ষণ কৰি কৃষকক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল, যদিও কোনো ব্যৱস্থা লোৱা দেখা হোৱা নাই ।
ক্ষতিগ্ৰস্ত খেতিয়কসকলে উপায়ন্ত হৈ এতিয়া সপোনৰ ঘেঁহু খেতিত জুই লগাই পুৰি ছাঁই কৰি খেতি খালি কৰি আছে । গোমধান তথা ঘেঁহু খেতি পথাৰতে নষ্ট হোৱাত এতিয়া কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে । কৃষি বিভাগ তথা চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়তহে লক্ষ্যণীয় হ’ব ।
লগতে পঢ়ক : প্ৰথম ব’হাগতে বা-মাৰলীৰ তাণ্ডৱ: নগাঁৱত বিস্তৰ ক্ষতি