বঙাইগাঁও, 12 জুন : একাগ্ৰতা আৰু অধ্যৱসায়ৰ বলত মানুহ কেনেকৈ স্বাৱলম্বী হ’ব পাৰে, তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে বঙাইগাঁৱৰ এজন যুৱকে । যি সময়ত অসমৰ শ শ নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, ঠিক তেনে সময়তে বঙাইগাঁও জিলাৰ বইটামাৰীৰ কায়েথপাৰা অঞ্চলৰ এজন যুৱকে হাঁহ-কুকুৰা আৰু মীন পালনেৰে আৰম্ভ কৰিছে জীৱন সংগ্ৰাম ।
নিজৰ ঘৰৰ বাৰীতে যুৱকজনে বিভিন্ন প্ৰজাতিৰ হাঁহ-কুকুৰাৰ লগতে মীন পালনৰ উদ্দেশ্যি এখন ফাৰ্ম গঢ়ি তুলিছে । বিভিন্ন ধৰণৰ গছ-গছনি, ফুল, লতা, ভিন ভিন চৰাই-চিৰিকটিৰে জাতিষ্কাৰ কৰি তুলিছে বাৰীখন । তাৰোপৰি ঘৰৰ কাষতে আছে মাছৰ পুখুৰী(Fishery) ৷
যুৱকজনে উল্লেখ কৰা অনুসৰি তেওঁৰ ঘৰখনত বিৰাজমান শৰালি হাঁহ, চীনা হাঁহ, কাম চৰাই, বিভিন্ন প্ৰজাতিৰ ভাটৌ । হাঁহ-কুকুৰা পালনৰ উপৰিও বিভিন্ন ধৰণৰ গছৰ পুলি বিক্ৰী কৰি কেনেদৰে স্বাৱলম্বী হ'ব পাৰি, তাৰে এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে কায়েথপাৰাৰ এই যুৱকজনে ।
লগতে পঢ়ক : মুছলপুৰত কৃষি বিভাগৰ কাৰ্যালয়ত ঘনশ্যাম দাসৰ আকস্মিক পৰিদৰ্শন