বঙাইগাঁও, 1 ছেপ্তেম্বৰ: সময় পাৰ হৈ গৈ আছে, চৰকাৰো সলনি হৈছে । উন্নয়নৰ ঢাক-ঢোল বজাই থকা ৰাজ্যখনৰ কিছু অঞ্চল এতিয়াও উপেক্ষিত হৈছে চৰকাৰৰ অভিলাষী আঁচনিৰ পৰা ৷
বৃহস্পতিবাৰে বঙাইগাঁও জিলাৰ পাতিলাদহা পেট্ৰল পাম্পৰ সম্মুখত পথ মেৰামতিৰ দাবীত প্ৰায় দুই শতাধিক ই-ৰিক্সা চালকে প্ৰতিবাদ সাব্যস্ত কৰে (poor road condition at Manikpur) ৷ উল্লেখ্য যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (NH 31) পৰা পাতিলাদহা বজাৰ হৈ পানবাৰী লৈ যোৱা পথটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ পৰি আছে ৷
পথৰ মাজে মাজে পুখৰীসদৃশ গাঁত থকাৰ বাবে হাজাৰ হাজাৰ পথচাৰীৰ লগতে বাহনসমুহ চলাচলত যমৰ-যাতনা ভুগিবলগীয়া হৈছে ৷ পথটো অভয়াপুৰী উত্তৰ আৰু বিজনী বিধানসভা সমষ্টিৰ সীমামূৰীয়া হোৱাৰ বাবে মেৰামতিৰ বাবে দুয়ো বিধায়কে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী চালকসকলে ৷
উপায়ন্তৰ হৈ মাণিকপুৰ আঞ্চলিক ই-ৰিক্সা সন্থাৰ উদ্যোগত পথটো মেৰামতিৰ দাবীত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Protest for poor road condition)৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দি মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: জনীয়াত পথৰ ওপৰতে ভূঁই ৰুই কৃষকৰ প্ৰতিবাদ