ETV Bharat / state

Road condition in Manikpur: পথৰ দুৰৱস্থাৰ বাবে মাণিকপুৰত বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ - মাণিকপুৰৰ ভাণ্ডাৰাৰ এটা গুৰুত্বপূৰ্ণ পথ

মৰণ ফান্দত পৰিণত হৈছে মাণিকপুৰৰ ভাণ্ডাৰাৰ এটা গুৰুত্বপূৰ্ণ পথ (Poor Road Condition at Manikpur)। অতি ভয়ংকৰ পৰিস্থিতিৰ মাজেৰে নিতৌ শিক্ষাৰ্থী তথা ৰাইজে পথটোৰে যাতায়ত কৰিবলগীয়া হয় । বছৰ বছৰ ধৰি পথটো মেৰামতি নকৰাৰ অভিযোগ ৰাইজৰ ।

Road condition in Manikpur
পথৰ দুৰৱস্থাৰ বাবে মাণিকপুৰত বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ
author img

By

Published : Jun 10, 2022, 7:42 PM IST

মাণিকপুৰ,১০ জুন : একেৰাহে দ্বিতীয় বাৰৰ বাবে অসমত বিজেপি শাসনলৈ আহিছে । কিন্তু আজিলৈ বহু স্থানত হোৱা নাই উন্নয়ন । ব্যতিক্ৰম নহয় বঙাইগাঁও জিলা । আজিও বঙাইগাঁৱৰ ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিয়ে উন্নয়নৰ পোহৰ দেখা নাই (Lack of development in Abhayapuri constituency)।

বিশেষকৈ বাট-পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে ৰাইজক (Road condition in Bongaigaon)। প্ৰতিবছৰে বানপানীত বিধ্বস্ত অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথৰ বাবে দীৰ্ঘদিন ধৰি অসুবিধাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ । জিলাখনৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩ নং ভাণ্ডাৰাৰ পথৰ দুৰৱস্থাই পথচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীক দীৰ্ঘদিন ধৰি সমস্যাত পেলাই আহিছে ।

পথৰ দুৰৱস্থাৰ বাবে মাণিকপুৰত বিপদসংকুল যাত্ৰা শিক্ষাৰ্থীৰ

এজাক বৰষুণ দিলেই পথেৰে যান-বাহনটো দূৰৰে কথা খোজকাঢ়িও যাব নোৱৰাৰ পৰিৱেশৰ সৃষ্টি হয় । সম্প্ৰতি পথৰ মেৰামতিৰ অভাৱত নিচিহ্ন হৈ যোৱাৰ উপক্ৰম হৈছে পথটো । পথটোৰে নিতৌ বিপদসংকুল যাতায়ত কৰিবলগীয়া হয় অঞ্চলটোৰ শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজ ।

পথটোৰ মেৰামতিৰ বাবে ৰাইজে বহুবাৰ আবেদন নিবেদন জনাইছে যদিও আজিলৈ পথটোৰ মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই । প্ৰতিবছৰে নিৰ্বাচনৰ প্ৰাকক্ষণত জনপ্ৰতিনিধিসকল সেই অঞ্চললৈ আহি ৰাইজক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈ পথটোৰ অৱস্থা একেই আছে । দীৰ্ঘদিন ধৰি ৰাইজে এই সমস্যাৰ সন্মুখীন হৈ আছে যদিও আজিলৈ সমস্যাৰ সমাধান নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ (Poor Road Condition angers Public in Manikpur)। অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজে ।

কেৱল পথৰ দুৰৱস্থাই নহয় । অঞ্চলটোত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিবলৈও ৰাইজে বহুবাৰ আবেদন জনাই আহিছে কিন্তু এই সমস্যাও সমাধান কৰা নাই চৰকাৰে । মুঠতে নানান সমস্যাৰে ভাৰাক্ৰান্ত বঙাইগাঁৱৰ মাণিকপুৰ অঞ্চল ।

চৰকাৰ সলনি হৈ গৈ আছে কিন্তু অঞ্চলটোৰ ৰাইজৰ সমস্যা সমাধান হোৱা নাই । সমস্যাবোৰ তেনেদৰেই আছে । ৰাইজৰ আশা অতি শীঘ্ৰে চৰকাৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিব । অন্যথা ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও দাবী জনাইছে ।

লগতে পঢ়ক :বান পীড়িতৰ সমস্যাৰ বুজ ল’বলৈ উপস্থিত মন্ত্ৰী সঞ্জয় কিষাণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.