মাণিকপুৰ, ৮ জুন : আগফালে দাং, পিচফালে ধোবাং বাং ৷ অসমীয়া সমাজত প্ৰচলিত এই ফকৰা-যোজনা ফাঁকি এতিয়া আখৰে আখৰে ফলিয়াইছে ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত (Poor condition of a Govt school) ৷ কিয়নো চৰকাৰী বিদ্যালয়ৰ উন্নতিৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি সংবাদ শিৰোনামা দখল কৰি আহিছে ৰাজ্যৰ শিক্ষা বিভাগে ৷ কিন্তু এনে সময়তে পোহৰলৈ এক ৰাজ্যৰ এখন চৰকৰী বিদ্যালয়ৰ নাভূত-নাশ্ৰুত কাণ্ড ৷
আমি ক’বলৈ লোৱা চৰকাৰী বিদ্যালয়খন হৈছে বঙাইগাঁও জিলাৰ সোনাইকোলা হাইস্কুল (Sonaikola high school) ৷ অভিযোগ অনুসৰি, সোনাইকোলা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে নাই ডেক্স-বেঞ্চ ৷ যাৰ বাবে বৃহস্পতিবাৰে পুৱাই বিদ্যালয়লৈ আহি বহাৰ আসন নোপোৱাৰ বাবে ঘৰলৈ উভতি যাব লগা হ’ল বহু শিক্ষাৰ্থী (Govt schools worst condition)৷
আনকি বহাৰ আসন নোপোৱাৰ বাবে সুদ বিদ্যালয়ৰ প্ৰধান শিক্ষকে শিক্ষাৰ্থীৰ ঘৰলৈ উভতি যোৱাৰ নিৰ্দেশ প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই লৈ পুৱাই বিদ্যালয়খনত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷ স্থানীয় একাংশ লোকে উল্লেখ কৰা অনুসৰি, বিদ্যালয়খনৰ আন্তঃগাঁঠনি একেবাৰে দুৰ্বল । পৰ্যাপ্ত পৰিমাণৰ নাই শ্ৰেণী কোঠা, নাই ডেস্ক বেঞ্চ । ফলত এটা সৰু কোঠালীতে বহিব লগীয়া হয় ১০০ ৰ পৰা ১৫০ লৈকে ছাত্ৰ-ছাত্ৰী । আনকি এখন বেঞ্চত বহিব লাগে ৬/৭ জনকৈ ছাত্ৰ-ছাত্ৰী ।
ইফালে প্ৰায় ৭০০ শ ছাত্ৰ-ছাত্ৰী থকা এই বিদ্যালয়খনত বিষয় শিক্ষক আছে মাত্ৰ তিনি জন ৷ প্ৰধান শিক্ষকক লৈ কনিষ্ঠ সহায়কসহ বিদ্যালয়খন মুঠ কৰ্মচাৰী পাঁচজন । এই ক্ষেত্ৰত জিলা উপায়ুক্ত তথা জিলা শিক্ষা বিষয়া জ্যোন্সাৰাণী বৰ্মনক বাৰম্বাৰ আবেদন নিবেদন কৰি থকাৰ ফলতো কোনো ধৰণৰ সুদোত্তৰ লাভ নকৰাৰ অভিযোগ তৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷
স্থানীয় লোকে অভিযোগ অনুসৰি, ২০২২-২৩ বৰ্ষৰ আন্তঃ গাঁঠনিৰ টকাৰ সুব্যৱহাৰ কৰা নাই বিদ্যালয়খনৰ প্ৰধান শিক্ষকে ৷ কিন্তু ৰাইজৰ অভিযোগ খণ্ডন কৰি প্ৰধান শিক্ষকগৰাকীয়ে কয়, ‘‘এই বেলি আন্তঃ গাঁঠনিৰ এটকাও পোৱা নাই বিদ্যালয়খন ৷ যাৰ ফলত ছাত্ৰ-ছাত্ৰীক বহাৰ সুবিধা কৰি দিব পৰা নাই । বিদ্যালয়ত শিক্ষক নাই ৷ ফলত এটা শ্ৰেণীত শিক্ষকে পাঠদান কৰিলে আনটো শ্ৰেণীত খালী থাকে ৷ এই উৎকট গৰমত এজন শিক্ষকে একেৰাহে ৭ টাকৈ পিৰিয়ড কৰিব লগা হৈছে’’ ।
প্ৰধান শিক্ষকগৰাকীয়ে আৰু কয়, ‘‘পৰিচালনা সমিতিৰ সিদ্ধান্ত মৰ্মে ডেক্স বেঞ্চ আৰু অস্থায়ীভাৱে শিক্ষক নিযুক্তিৰ কাৰণে বছৰি ৫০০ টকাকৈ ছাত্ৰ-ছাত্ৰীৰ পৰা বৰঙণি হিচাবে লোৱাৰ সিদ্ধান্ত লৈছিল ৷ কিন্তু সেই কামো সম্পূৰ্ণ হৈ উঠা নাই’’ (Poor infrastructure of Govt school)।
উল্লেখ্য যে, এক শ এবুৰী সমস্যা থকা সত্বেও এই বিদ্যালয়খনত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে ১০৭ গৰাকী ৷ তাৰে প্ৰথম বিভাগত ১৪ জন, দ্বিতীয় বিভাগত ২৭ জন আৰু তৃতীয় বিভাগত ৬৬ জন । উৰ্ত্তীৰ্ণৰ হাৰ ৮৪% । সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, স্থানীয় বিধায়ক, জিলা উপায়ুক্ত তথা জিলা শিক্ষা বিষয়াক অতি সোনকালে বিদ্যালয়ৰ সকলো অভাৱ পূৰণ কৰি দিবলৈ অনুৰোধ জনায় ৷
লগতে পঢ়ক : Poor condition of govt school: শিক্ষাখণ্ডৰ ফোঁপোলাস্বৰূপ; এজাক বৰষুণতেই পানীৰ ডোঙা বান্ধে শ্ৰেণীকোঠাত