ETV Bharat / state

National Award for Teaching: কৃতী শিক্ষক ছিৰখাত হুছেইনক সম্বৰ্ধনা উত্তৰ শালমাৰা প্ৰশাসনৰ - National award winner teacher Sirkhat Hussain

'নলেজ হাব' ইউটিউব চেনেলত ৰাজ্যখনৰ ২২১ গৰাকী শিক্ষকৰ ২২১ টা শৈক্ষিক ভিডিঅ' একেলগে প্ৰিমিয়াৰ কৰি 'ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত কৰিছে ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত শিক্ষক ছিৰখাত হুছেইনে । অভয়াপুৰীৰ বিশিষ্ট শিক্ষকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ে । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে উপ পঞ্জীয়ক ৰাজীৱ কুমাৰ,পাৰ্থজ্যোতি দেৱ অধিকাৰী আৰু পুলক দাস ৷

National Award for Teaching
কৃতী শিক্ষক ছিৰখাত হুছেইনক সম্বৰ্ধনা উত্তৰ শালমাৰা প্ৰশাসনৰ
author img

By

Published : Jan 26, 2022, 8:35 PM IST

Updated : Jan 26, 2022, 11:01 PM IST

উত্তৰ শালমাৰা,২৬ জানুৱাৰী : ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত ২০২০-২১ বৰ্ষত কৃতি শিক্ষকৰ বঁটাৰ বাবে মনোনীত হোৱাৰ পাছত ২০২০ বৰ্ষত পৃথিৱীৰ ১১০ খন ৰাষ্ট্ৰৰ শিক্ষকৰ লগতে আন্ত:ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰাৰ লগতে শেহতীয়াকৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত 'নলেজ হাব' (Knowledge hub) ইউটিউব চেনেলত ৰাজ্যখনৰ ২২১ গৰাকী শিক্ষকৰ ২২১ টা শৈক্ষিক ভিডিঅ' একেলগে প্ৰিমিয়াৰ কৰি 'ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ'ত (India book of records) নাম অন্তৰ্ভুক্ত কৰিছে 'নলেজ হাব' ইউটিউব চেনেলৰ স্বত্ত্বাধিকাৰী তথা শিক্ষক ছিৰখাত হুছেইনে ।

কৃতী শিক্ষক ছিৰখাত হুছেইনক সম্বৰ্ধনা উত্তৰ শালমাৰা প্ৰশাসনৰ

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এইগৰাকী কৃতি শিক্ষকক সম্বৰ্ধনা জনোৱা হয় । উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ তৰফৰ পৰা ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয় ছিৰখাত হুছেইনক (North Shalmara administration felicitated Sirkhat Hussain)৷ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে উপ-পঞ্জীয়ক ৰাজীৱ কুমাৰ,পাৰ্থজ্যোতি দেৱ অধিকাৰী আৰু পুলক দাস ৷

উল্লেখ্য যে কৰ'ণা মহামাৰীৰ দ্বিতীয় লহৰৰ সময়ত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে 'নলেজ হাব' ইউটিউৱ চেনেলৰ সহযোগত ভিডিঅ'সমূহ আপলোড কৰিবলৈ সক্ষম হৈছিল ৷ শিক্ষক ছিৰখাত হুছেইনে এই কৃতিত্বৰ দাবীদাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী আৰু ৰাজ্যখনৰ ২২১ গৰাকী শিক্ষক বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :Republic Day 2022 : প্ৰবীণ সাংবাদিক অনিল বৰুৱালৈ ৰাজ্য চৰকাৰৰ বঁটা

Last Updated : Jan 26, 2022, 11:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.