ETV Bharat / state

বঙাইগাঁৱত অচিন ৰোগে নষ্ট কৰিছে বিঘাই বিঘাই শালিধানৰ খেতি - কৃষি

বানপানীৰ পিছত এইবাৰ অচিন ৰোগত নষ্ট হৈছে হাজাৰ-হাজাৰ বিঘা ধান খেতি ৷ বহু কীটনাশক ঔষধ ব্যৱহাৰ কৰিও একো সুফল নোপোৱাত এতিয়া মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক সকলৰ ৷

More peddy lost For Unknowon desease At Bongaigaon District
বঙাইগাঁৱত অচিন ৰোগে নষ্ট কৰিছে বিঘাই বিঘাই শালিধানৰ খেতি
author img

By

Published : Aug 2, 2020, 4:35 PM IST

বঙাইগাঁও, 2 আগষ্টঃ এফালে লক ডাউনে সাধাৰণ ৰাইজক ক্ষতিগ্ৰস্ত কৰাৰ পিছতে ৰাজ্যত বানত নষ্ট হৈছে ঘৰ দুৱাৰৰ লগতে বহু সা-সম্পত্তিৰ ৷ ইফালে বানপানীৰ পিছতে এইবাৰ কৃষি পথাৰত অচিন ৰোগৰ ফলত আন এক সমস্যাৰ সন্মুখিন হৈছে খেতিয়ক ৷ ইতিমধ্যে জীপাল হৈ উঠা ধানখেতি অচিন ৰোগত মৰি গৈছে ৷

বঙাইগাঁৱত অচিন ৰোগে নষ্ট কৰিছে বিঘাই বিঘাই শালিধানৰ খেতি

এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ দেৱানগাঁৱৰ ৰানীঘুলি পথাৰত ৷ শ শ বিঘা ধানখেতি নষ্ট হৈ আছে অচিন ৰোগত ৷ ৰাজ্যত বানপানীয়ে খেতি পথাৰ উছন কৰাৰ পিছতে কৃষকৰ মূৰত ৰামটাঙোন শোধাইছে এই অচিন ৰোগে ৷ ধাননি পথাৰ সমূহত কঠিয়া বগা পৰি শুকাই যাবলৈ ধৰা অচিন ৰোগে এফালৰ পৰা গ্ৰাস কৰি গৈছে দেৱানগাঁৱৰ ৰানীঘুলি পথাৰ । নানান কীটনাশক তথা ঔষধ ব্যৱহাৰ কৰিও একো সুফল নাপালে অঞ্চলটোৰ খেতিয়ক সকলে । জিলা কৃষি বিভাগৰ পৰাও সহাঁৰি পোৱা নাই কৃষক ৰাইজে ৷ সম্প্ৰতি এই সন্দৰ্ভত খেতিয়ক সকলে চৰকাৰৰ সুদৃষ্টি কামান কৰাৰ লগতে ক্ষতিপূৰণ দিবলৈ সংবাদ মাধ্যমৰ আগত আহ্বান জনাইছে ৷

কৃষকৰ বাবে চৰকাৰে বহু আঁচনি যোগান ধৰে যদিও সেই সমূহে যেন ঢুকি পোৱা নাই এই সকল কৃষকক। বছৰেকৰ মূৰত বহু কষ্টেৰে কৰা খেতিডৰাত এতিয়া অচিন পোকৰ উপদ্ৰৱত মূৰে কঁপালে হাত দিবলগীয়া হৈছে খেতিয়কসকলে ৷ উপায়ন্তৰ হৈ ভুক্তভোগী কৃষক সকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে ৷ নহ'লে দুৰ্বিষহ জীৱন কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি দুখ প্ৰকাশ কৰিছে কৃষক সকলে ৷

লগতে পঢ়ক- পশুখাদ্যৰ অভাৱঃ নিজৰ শালিখেতি পশুক খোৱাবলৈ বাধ্য হ'ল বান্যাৰ্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.