ETV Bharat / state

অলৌকিক ঘটনা নে বিজ্ঞানৰ খেলা !

উত্তৰ অভয়াপুৰীত অলৌকিক ঘটনা । মাণিকপুৰত গোহালি ঘৰৰ মজিয়াৰ মাটিৰ তলৰ পৰা ওলাইছে গাখীৰ আৰু জটা চুলি । পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই আৰম্ভ কৰিছে নাম প্ৰসঙ্গ ৷ কিন্তু এয়া অলৌকিক ঘটনা নে বিশ্বাসৰ নামত ব্যৱসায়ৰ কৌশল !

অলৌকিক ঘটনা নে বিজ্ঞানৰ খেলা !
author img

By

Published : Jul 23, 2019, 5:39 PM IST

বঙাইগাঁও,22 জুলাই : বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পামুৱাপাৰাৰ এঘৰত মাটি ফুটি ওলাইছে গাখীৰ আৰু জটা চুলি । পামুৱাপাৰাৰ দিবাকৰ দাসৰ ঘৰৰ গোহালিত এই নাভূত নাশ্ৰুত ঘটনাটো সংঘটিত হৈছে ৷ দিবাকৰ দাসৰ গোহালি ঘৰত আজিৰ পৰা প্ৰায় এসপ্তাহমান আগৰ পৰাই প্ৰতিদিনে মাটি ফুটি ওলাই আছে গাখীৰ । পৰিয়ালৰ লোকে ইমান দিনে দেখি আছে যদিও বিশেষ গুৰুত্ব দিয়া নাছিল । দুদিনমান পিছত সেই একে স্থানতে ওলাল সাপ আৰু মহাদেৱ বাবাৰ মুৰত থকা নিচিনাকৈ জট লগা চুলি । তাৰ পিছতে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই নিশ্চিত ভাৱে বিশ্বাস কৰি ললে যে এয়া বাবা মহাদেৱৰ কিবা মায়া আৰু তাৰ পিছতে ৰাতিপুৱাৰ পৰা সকলোৱে মিলি আৰম্ভ কৰিলে মহাদেৱ শিৱৰ নামত নাম প্ৰসঙ্গ । কিন্তু এয়া কোনো অলৌকিক ঘটনা নে কোনো সুবিধাবাদী মানুহৰ ধন ঘটাৰ কোশল ৷ সচৰাচৰ দেখি অহা এনে ঘটনাৰ পিছত মানুহৰ বিশ্বাসক কেন্দ্ৰ কৰি প্ৰায় সেই নিৰ্দিষ্ট স্থানত এখন ধৰ্মীয় স্থান পাতি জৰা-ফুকা, মঙল চোৱা আদিৰে ব্যবসায় আৰম্ভ কৰা পৰিলক্ষিত হয় ৷ গতিকে এয়া কোনো অলৌকিক ঘটনা নে বিজ্ঞানৰ খেলা ইয়াত সন্দেহৰ স্থল আছে ৷

Intro:উত্তৰ অভয়াপুৰীত অলৌকিক ঘটনা। মাণিকপুৰত গোহালি ঘৰৰ মজিয়াৰ মাটিৰ তলৰ পৰা ওলাইছে গাখীৰ আৰু জটা চুলি। পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই আৰম্ভ কৰিছে নাম প্ৰসঙ্গ।Body:বঙাইগাঁও জিলাৰ মাণিকপুৰৰ পামুৱাপাৰাৰ এঘৰত মাটি ফুটি ওলাইছে গাখীৰ আৰু জটা চুলি। পামুৱাপাৰাৰ দিবাকৰ দাসৰ ঘৰৰ গোহালিত এই নাভূত নাশ্ৰুত ঘটনাটো সংঘটিত হৈছে। দিবাকৰ দাসৰ গোহালি ঘৰত আজিৰ পৰা প্ৰায় এসপ্তাহমান আগৰ পৰাই প্ৰতিদিনে মাটি ফুটি ওলাই আছে গাখীৰ। পৰিয়ালৰ লোকে ইমান দিনে দেখি আছে যদিও বিশেষ গুৰুত্ব দিয়া নাছিল। দুদিনমান পিছত সেই একে স্থানতে ওলাইছিল সাপ। তাৰ পিছত পৰিয়ালৰ লোকে এয়া মহাদেৱ বাবাৰ মায়া বুলি বিশ্বাস কৰিব ধৰিলে। স্থানীয় লোক সকলেও আহি মহাদেৱ বাবাৰ নামত ধুপ চাকি জ্বলাবলৈ আৰম্ভ কৰিলে। আজি ৰাতিপুৱা মাটি ফুটি ওলোৱা গাখীৰৰ লগতে ওলালে মহাদেৱ বাবাৰ মুৰত থকা নিচিনাকৈ জট লগা চুলি। তাৰ পিছতে পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই নিশ্চিত ভাৱে বিশ্বাস কৰি ললে যে এয়া বাবা মহাদেৱৰ কিবা মায়া আৰু তাৰ পিছতে ৰাতিপুৱাৰ পৰা সকলোৱে মিলি আৰম্ভ কৰিলে মহাদেৱ শিৱৰ নামত নাম প্ৰসঙ্গ।
।Conclusion:Byte : পৰিয়ালৰ মুৰব্বী দিবাকৰ দাস আৰু স্থানীয় লোক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.