ETV Bharat / state

বঙাইগাঁৱৰ কোকিলাত বিক্ৰী কৰিব নোৱাৰি নষ্ট প্ৰায় লক্ষাধিক টকাৰ গাখীৰ - bongaigaon milk damage

বঙাইগাঁও জিলাৰ কোকিলাত কৰ’ণাৰ জটিল পৰিস্থিতিৰ বাবে দুদিন ধৰি গো-পালকে গাখীৰ বিক্ৰী কৰিব নোৱাৰি প্ৰায় ১৩ লক্ষাধিক টকাৰ গাখীৰ পেলাই দিবলগীয়া অৱস্থা হৈছে ।

Milk Damage in Kokila
বঙাইগাঁওৰ কোকিলাত গাখীৰ বিক্ৰী কৰিব নোৱাৰি নষ্ট প্ৰায় ১৩ লক্ষাধিক টকাৰ গাখীৰ
author img

By

Published : May 26, 2021, 3:44 PM IST

মাণিকপুৰ, 26 মে’ : কৰ’ণা মহামাৰীয়ে আন ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ লগতে দুযোৰ্গ কঢ়িয়াই আনিছে গো-পালক সকলৰ কৰ্ম জীৱনলৈ ৷ বঙাইগাঁও জিলাৰ কোকিলাত নিতৌ প্ৰায় ২৫ৰ পৰা ৩০ হাজাৰ লিটাৰ গাখীৰ উৎপাদন হয় ৷

কিন্তু কৰ’ণাৰ এনে পৰিস্থিতিৰ বাবে দুদিন ধৰি গোপালকে গাখীৰ বিক্ৰী কৰিব নোৱাৰি পেলাই দিবলগীয়া অৱস্থা হৈছে । আমুল কোম্পানীৰ ফ্ৰিজ নষ্ট হোৱাত গাখীৰ নোলোৱাত গোপালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।

বঙাইগাঁওৰ কোকিলাত গাখীৰ বিক্ৰী কৰিব নোৱাৰি নষ্ট প্ৰায় ১৩ লক্ষাধিক টকাৰ গাখীৰ

উন্নত জাতৰ গাই গৰু পালন কৰি কোকিলাৰ গো-পালকে লাভৱান হৈছিল যদিও গাখীৰ বিক্ৰী কৰিব নোৱাৰি মূৰে-কপালে হাত দিবলগীয়া হৈছে প্ৰায় ৫ শতাধিক গো-পালকে । আনহাতে, যদি গৰুৰ গাখীৰ খীৰোৱা বন্ধ কৰে তেন্তে গৰুৰ নানা বেমাৰ হোৱাৰ সম্ভাৱনা থকাত গাখীৰ খীৰাই পেলাই দিছে লিটাৰ লিটাৰ গাখীৰ । দুদিনত প্ৰায় ১৩ লক্ষাধিক টকাৰ গাখীৰ পেলাই দিছে গো-পালকে ।

উল্লেখ্য যে, চৰকাৰে গো হত্যা বন্ধ কৰাৰ আইনক গো-পালক সকলে আদৰণি জনাইছে যদিও গৰুৰ খাদ্য আৰু গাখীৰ বিক্ৰীৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনাইছে তেওঁলোকে । গুৱাহাটীত যিসময়ত প্ৰতিলিটাৰ গাখীৰ ৭০-৯০ টকা সেই সময়ত কোকিলাত গাখীৰ পেলাই দিবলগীয়া হোৱা পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে একাংশ গো-পালকক ।

লগতে পঢ়ক : প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ভুৱা কৃষকৰ হাতলৈ আঁচনিৰ ধন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.