ETV Bharat / state

Land clash: ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তীব্ৰ কাজিয়া

বঙাইগাঁৱৰ বাখৰাপাৰাত ৰাজহুৱা এডৰা ভূমিক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে (land clash in Bongaigaon)৷ দুই গাঁওবাসীয়ে মাটি়ডোখৰ নিজৰ বুলি দাবী কৰাৰ ফলত কাজিয়াৰ সূত্ৰপাত হয় (land clash between two villages)৷

author img

By

Published : Feb 26, 2023, 10:12 PM IST

land clash between two villages in Bongaigaon
ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত তীব্ৰ কাজিয়া

বঙাইগাঁও, 26 ফেব্ৰুৱাৰী: বঙাইগাঁৱত ভূমিকেন্দ্ৰিক সংঘাটৰ ভয়ংকৰ পৰিণতি ৷ বঙাইগাঁৱৰ বাখৰাপাৰাত ৰাজহুৱা এডৰা মাটিক লৈ দুটা ফৈদৰ মাজত তীব্ৰ কাজিয়াৰ সূত্ৰপাত হৈছে (land clash in Bongaigaon) ৷ একেখন গাৱঁৰে দুটা দলৰ মাজত মাটি দখল কৰাক লৈ চলিছে শক্তি পৰীক্ষা ৷ ডেকা,গাভৰু,পুৰুষ, মহিলা, আবাল বৃদ্ধাৰ মাজত চলিছে টনা আজোৰা ৷

এটা পক্ষই যদি কৈছে এই মাটি আমাৰ, অন্য এটা পক্ষই কৈছে এই মাটি আমাৰহে ৷ বিবাদমান ভূমিৰ ওপৰত থকা এখন চাইনবোৰ্ডক লৈ চলিছে তীব্ৰ কাজিয়া ৷ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত বাখৰাপাৰাত (land clash between two villages) ৷

ঘটনা অনুসৰি বাখাৰাপাৰাত স্থিত মুঠ 6 বিঘা 12 লেচা ৰাজহুৱা ভূমি দখলৰ চেষ্টা কৰিছে স্থানীয় ৰাইজৰে গঠিত এটা ভঁৰালৰ সমিতিয়ে (Beaten incident for land related clash) ৷ বাখৰাপাৰাত ৰাখালঠাকুৰ ধন ভঁৰাল নামৰ এটা ভঁৰাল নিৰ্মাণ কৰি একাংশ লোকে উক্ত 6 বিঘা 12 লেচা মাটি নিজৰ বুলি দীৰ্ঘ দিনৰে পৰা খেতি বাতি কৰি অহাৰ লগতে তেওঁলোকৰ দখলত থকা বুলি দাবী কৰি আহিছে ৷ আনকি বাখৰাপাৰাৰ লোকসকলে ভূমিখিনিৰ সকলো নথি পত্ৰ আছে দাবী উত্থাপনো কৰিছে ৷

ইয়াৰ বিপৰীতে অন্য পক্ষত থকা স্থানীয় গাঁওবাসীয়ে উক্ত ভূমিডৰা স্থানীয় ৰাখালঠাকুৰ মন্দিৰ পৰিচালনা সমিতিৰ নামত ৰাজহুৱাভাৱে পঞ্জীয়ন ভুক্ত হৈ থকা বুলি দাবী কৰিছে ৷ ফলত দুয়োখন গাঁৱৰ ৰাইজে দেওবাৰে উক্ত মাটিডৰা দখল কৰাৰ বাবে উলাই আহি বাহঁৰ বেৰসমূহ ভাঙি, গছ বন কাটি দখল দিয়ে ৷ ইয়াৰ সমান্তৰালকৈ বিপৰীত পক্ষৰ ৰাখালঠাকুৰ ধন ভঁৰাল সমিতিৰ লোক সকলেও উলাই আহি এই কাৰ্যত বাধা দিয়াত দুয়ো পক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ এই ঘটনাত কেইবাজনো পুৰুষ মহিলা আহত হোৱা বুলি জানিব পৰা গৈছে ৷

এই ঘটনাৰ কথা গম পাই বঙাইগাঁও আৰক্ষীৰ (Bongaigaon police)লোক আহি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰন কৰে ৷ আৰক্ষীয়ে দুয়ো পক্ষকে সংযম হৈ নিজ নিজ তথ্য প্ৰমান লৈ সদৰ থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে ৷ জানিব পৰা মতে ইতিমধ্য উক্ত মাটি ডৰাক লৈ বঙাইগাঁও চক্ৰ বিষয়া কাৰ্যালয়ৰ বিষয়াক লিখিত অভিযোগ প্ৰদান কৰা হৈছিল ৷ তাৰ পিচতে দুয়ো পক্ষক মাতি চক্ৰ বিষায়াৰ কাৰ্যালয়ত দুবাৰকৈ শুনানী প্ৰদান কৰাও হৈছিল ৷ যদিও আজি পৰ্যন্ত কোনো সঠিক ফলাফল লাভ কৰা নাই ৰাইজে (Locals injured in land clash) ৷

এই ঘটনাৰ পিচতে একাংশ গাঁৱৰ ৰাইজে স্থানীয় বিধায়কক লগ কৰি উক্ত বিবাদমান ভূমিক লৈ চলি থকা মতানৈক্য তথা গোচৰৰ ওপৰত হস্তক্ষেপ কৰি সুদুত্তৰ দিবলৈ আহবান জনায় ৷

লগতে পঢ়ক: Beating incident in Barpeta: এটা পথক লৈ দুৰ্বাদল কাজিয়া; হতাহতিত আহত প্ৰায় 8 জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.