চিৰাং, 9 ছেপ্টেম্বৰ : ‘কা’ বিৰোধী আন্দোলনত বন্দী হোৱা সকলো লোকৰ মুক্তি আৰু ই আই এ ২০২০ বাতিলৰ দাবীত বঙাইগাঁৱত বিক্ষোভ । নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয় । নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে উক্ত আন্দোলনত গ্ৰেপ্তাৰ হোৱা অখিল গগৈ সহ সকলো লোকক মুক্তিৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।
ইয়াৰ লগতে অসম ৰক্ষাৰ স্বাৰ্থত ই আই এ-২০২০ বাতিলৰ দাবী জনায় । ’কা’ বিৰোধী সমন্বয়ৰক্ষী সমিতি অসমৰ উদ্যোগত সমগ্ৰ অসমতে এই বিক্ষোভ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ।
লগতে পঢ়ক : মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট