মানিকপুৰ, 19 জুলাই : পুত্ৰৰ প্ৰাণভিক্ষা খুজি এগৰাকী মাতৃয়ে কান্দি উঠিলে কেমেৰাৰ সন্মুখত ( Manikpur Child Patient) ৷ "আমাক সহায় কৰক, আমাৰ জীৱিকাৰ যি পথ আছিল সেয়াও মাৰ যাওঁ যাওঁ ৷ আমাৰ যিমান মাটি-বাৰী আছিল সকলো বিক্ৰী কৰি দিলো ৷"
বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২নং বাশবাৰীৰ এটি ডেৰ বছৰীয়া শিশু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিছে ৷ নিত্য চন্দ্ৰ দাসৰ ডেৰ বছৰীয়া একমাত্ৰ পুত্ৰ সন্তান সৌৰভ দাস জন্মৰ পিছৰ পৰাই দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় (Helpless mother request to beg son life) ৷
ফুটপাথত দোকান এখন দি কোনোমতে পৰিয়ালটো পোহপাল দিয়া নিত্য চন্দ্ৰ দাসে পুত্ৰৰ চিকিৎসাৰ বাবে বঙাইগাঁও, গুৱাহাটীৰ লগতে ৰাজস্থানৰ উদয়পুৰ নাৰায়ণ সেৱা চিকিৎসালয়ত চিকিৎসা কৰিও কোনোধৰণৰ সুফল পোৱা নাই ( Children suffering from incurable diseases) ৷ শিশুটোক চিকিৎসা কৰিবলৈ এতিয়া পৰিয়ালটোক প্ৰয়োজন বহুতো ধনৰ ৷
ইফালে অঞ্চলটোৰ সমীপত থকা আই নদীখন ফেনে ফুটুকাৰে বঢ়াৰ ফলত আতংকিত হৈছে পৰিয়ালটো ৷ আইৰ নদীৰ ঢৌৱে আহি কোনদিনাখন ভেটি মাটিখিনি কাঢ়ি লৈ যায় তাৰে আশংকাত ভুগিছে পৰিয়ালটো ৷
সেয়ে শিশুটিক সুস্থ কৰি তুলিবলৈ মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ওচৰত সহায় বিচাৰিছে পৰিয়ালটোৱে । কোনো সু-হৃদয়বান ব্যক্তি নাইবা দল -সংগঠনে সহায় কৰিব বিচাৰিলে শিশুটিৰ পিতৃৰ নামত থকা ভাৰতীয় ষ্টেট বেংকৰ 30712417853 IFSC SBIN0009145 একাউণ্ট নাইবা 9957417276 Phone pay নম্বৰত সহায় কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷
লগতে পঢ়ক : 19 Assam workers missing in Arunachal: অৰুণাচল প্ৰদেশত অসমৰ 19 জন শ্ৰমিক সন্ধানহীন: এজনৰ মৃতদেহ উদ্ধাৰ