ETV Bharat / state

এইবাৰ টেম্পুত আহিল ছাগলী চোৰ

author img

By

Published : Apr 10, 2022, 7:30 PM IST

ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে ছাগলী চুৰৰ ঘটনা ৷ শেহতীয়াকৈ বঙাইগাঁৱৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিকপুৰত ছাগলী চুৰি কৰিবলৈ আহোতে স্থানীয় ৰাইজে আটক কৰিলে দুটাকৈ চোৰ (Goat thief arrested in Mnaikpur)৷

goat-thief-arrested-from-manikpur
এইবাৰ টেম্পুত আহিল ছাগলী চোৰ

বঙাইগাঁও, 10 এপ্ৰিল : এইবাৰ টেম্পু লৈ চোৰ আহিল ছাগলী চুৰ কৰিবলৈ । টেম্পুত অহা ছাগলী চোৰক কিন্তু ভাগ্যই লগ নিদিলে ৷ স্থানীয় ৰাইজৰ ৰোষত পৰিল চোৰ দুটা । বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাণিকপুৰত দুটা চোৰ আহিছিল ছাগলী চুৰি কৰিবলৈ । পিছে স্থানীয় ৰাইজে চোৰ দুটাক আটক কৰে (Goat thief arrested at Manikpur ) ।

ঘটনা অনুসৰি, মাণিকপুৰৰ পৰা ছাগলী দুটা চুৰ কৰি লৈ গৈ থকা অৱস্থাত ছাগলীৰ গৰাকীয়ে প্ৰত্যক্ষ কৰি পিছে পিছে খেদি গৈ চাপৰাকাত আগভেটি ধৰাত টেম্পুখন ওচৰৰে দ’ ঠাইত বাগৰি পৰে । তেনে সময়তে স্থানীয় ৰাইজে চোৰ দুজনক কৰায়ত্ব কৰি নৰ্থ বঙাইগাঁও থানাত সমজায় দিয়ে (Goat thief arrested from Manikpur) ৷ আটকাধীন ছাগলী চোৰ দুটা ঢালিগাঁৱৰ ছাতিপুৰ তিনিআলিৰ আব্দুল হুছেইন আৰু দলাইগাঁও উজানপাৰাৰ ফকৰুদ্দিন বুলি জানিব পৰা গৈছে (Goat thief arrested by Manikpur Police) ।

এইবাৰ টেম্পুত আহিল ছাগলী চোৰ

ইয়াৰ পাচতে আৰক্ষীয়ে চুৰি কৰা ছাগলী দুটা মাণিকপুৰ থানাৰ অন্তৰ্গত মৌখোৱা আৰু বৰবিলা গাঁৱৰ বাবে ছাগলীসহ চোৰ দুটাক মাণিকপুৰ থানালৈ প্ৰেৰণ কৰে ৷ ইফালে, চুৰি কাৰ্যত ব্যৱহৃত হোৱা টেম্পুখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে চোৰ দুজনক আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ তদুপৰি চুৰি হোৱা ছাগলী দুটাৰ গৰাকী বৰবিলাৰ চন্দন নাথ আৰু মৌখোৱাৰ অমৃত ৰায় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ কাজিৰঙা ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.