বঙাইগাঁও,২৫ মাৰ্চ : সময়ৰ লগে লগে সকলো ক্ষেত্ৰতে পৰিৱৰ্তন আহিছে । এতিয়া আপুনি টকাৰ বেগটো লৈ নোযোৱাকৈয়ে মোনা ভৰাই বজাৰ কৰি আনিব পাৰে । আপোনাৰ বেংক একাউণ্টতত যদি পইচা আছে আৰু হাতত যদি মোবাইল ফোনটো আছে তেনেহ'লে নগদ ধন নোহোৱাকৈয়ে আপুনি বিভিন্ন ধৰণৰ লেনদেন কৰিব পাৰে । QR code স্কেন কৰি আপুনি ছেকেণ্ডৰ ভিতৰতে টকাৰ লেনদেন কৰিব পাৰে (Online payment through QR code)।
এই ধৰণৰ অনলাইন সুবিধাবোৰ আহিছে যদিও প্ৰৱঞ্চকৰ সংখ্যাও বৃদ্ধি হৈছে । ধনৰ অনলাইন লেনদেন সুৰক্ষিত বুলি ভবা হয় যদিও আপোনাক সহজে প্ৰৱঞ্চনাও কৰিব পাৰে (Online cheating)। প্ৰৱঞ্চকৰ চক্ৰই তেনেদৰেই বহু লোকৰ পৰা কোটি কোটি টকা লুটি লৈ গৈছে । এইবাৰ তেনে এক প্ৰৱঞ্চকৰ জালত পৰিল এগৰাকী সাধাৰণ ব্যৱসায়ী । গ্ৰাহকৰ টকাৰ লেনদেনৰ বাবে QR codeৰ প্ৰিণ্ট বনাই দিয়াৰ নামত প্ৰৱঞ্চনা কৰিলে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বোৱালীমাৰী হিৰাপাৰাৰ এগৰাকী ব্যৱসায়ীক । অৱশ্যে প্ৰৱঞ্চকৰ চক্ৰটো আৰক্ষীৰ জালত পৰে ।
ভুক্তভোগী বনমালী দাস নামৰ ব্যৱসায়ীজনে জনোৱা মতে তেওঁ ৰকিবুল হুছেইন নামৰ এজন যুৱকক QR codeৰ প্ৰিণ্ট বনাই দিবলৈ কৈছিল । ব্য়ৱসায়ীজনক প্ৰৱঞ্চকৰ দলটোৱে QR code বনাই দিলে (Fraud in the name of creating QR code)। এখন পকেট কাৰ্ড লগতে চাউণ্ড বক্স QR code বনাই দিয়াৰ নামত ৰকিবুল আৰু তেওঁৰ সহযোগীয়ে ৮০০ টকাও ল'লে ব্যৱসায়ীজনৰ পৰা । ইমানলৈ ঠিকেই আছিল ।
দুখন কাৰ্ডৰ ভিতৰত এখন কাৰ্ড স্কেন কৰিলে ৰকিবুল হুছেইনৰ একাউণ্ট হে দেখা যায় । অৰ্থাৎ সেই কাৰ্ডখন স্কেন কৰি গ্ৰাহকে ধন দিলে ব্যৱসায়ীজনৰ পৰিৱৰ্তে প্ৰৱঞ্চক ৰকিবুলৰ একাউণ্টত হে ধন জমা হয় । অৱশ্যে এখন কাৰ্ড স্কেন কৰিলে ব্যৱসায়ী বনমালী দাসৰে একাউণ্টত ধন সোমাই । এগৰাকী সচেতন গ্ৰাহকে স্কেন কৰাৰ পাছতে এই কথা পোহৰলৈ আহে । লগে লগে গ্ৰাহকজনে ব্যৱসায়ী বনমালীক অৱগত কৰে । ব্যৱসায়ীজনে এই কথা গম পোৱাৰ পাছতে ৰকিবুল হুছেইন নামৰ যুৱকজনৰ প্ৰৱঞ্চনাৰ কথা ধৰিব পাৰে (Bongaigaon businessman cheated)।
ইয়াৰ পাছতে ৰকিবুল হুছেইন আৰু তেওঁৰ সহযোগী দুজনক অতি কৌশলৰে ব্যৱসায়ীজনে মাতি আনে । তিনিজনীয়া যুৱকৰ দলটো উপস্থিত হোৱাৰ পাছতে ৰাইজে তেওঁলোকক আৱদ্ধ কৰি ৰাখে আৰু আৰক্ষীক গতাই দিয়ে (3 fraud arrested in Bongaigaon)। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । সেয়ে আপুনিও সাৱধান হওক । ধনৰ অনলাইন লেনদেনৰ সময়ত সজাগ হওক । নহ'লে আপোনাকো এনেদৰে প্ৰৱঞ্চকে জালত পেলাব পাৰে ।
লগতে পঢ়ক :Most Wanted cyber criminal surrendered: ম’ষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী মুচ্ছাবিৰৰ আত্মসমৰ্পণ