ETV Bharat / state

পহিলা ব’হাগৰ দিনাই মাণিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; আহত 4

author img

By

Published : Apr 15, 2022, 4:56 PM IST

বঙাইগাঁৱৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানাহ নৈৰ ওপৰত থকা দলঙৰ ওপৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Manikpur) ৷ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় 4 যুৱক ৷

Road accident at Manikpur
পহিলা ব’হাগৰ দিনাই মাণিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

বঙাইগাঁও, 15 এপ্ৰিল : বিহুৰ আনন্দৰ মাজতেই বঙাইগাঁও জিলাৰ মাণিকপুৰত অঘটন ৷ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানাহ নৈৰ ওপৰত থকা দলঙৰ ওপৰত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Manikpur) ৷ ফলত এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় 4 জন ব্যক্তি ৷ ঘটনাৰ বিৱৰণি অনুসৰি, 31 নং ৰাষ্ট্ৰীয় ঘাইপথত AS 26C 8331 নম্বৰৰ এখন মেক্সিম’ বাহনে পিছফালৰ পৰা JK09 B 0313 নম্বৰৰ এখন ট্ৰাকক খুন্দিয়াই (Manikpur road accident)৷ ফলত মেক্সিক’ বাহনখন ঘটনাস্থলীত উলোটা খাই পৰে ৷ এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় মেক্সিম’ বাহনখনৰ চাৰি যুৱক ৷

আহতসকলক ক্ৰমে মকিবুল শিকদাৰৰ (22), লাচিত নাৰ্জাৰী (23), বিৰাজ বসমুতাৰী (26) আৰু আহত এজন যুৱকৰ পৰিচয় এতিয়াও চিনাক্ত হোৱা নাই ৷ আনহাতে, এই দুৰ্ঘটনা সন্দৰ্ভত ততাতৈয়াকৈ খবৰ দিয়া হয় আৰক্ষীক ৷ আৰক্ষীৰ ততপৰতাত আহত কেইজনক মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

জানিব পৰা মতে, পানবাৰীৰ পৰা মেক্সিম’ বাহনখনে গৰাইমাৰী অভিমুখে তীব্ৰবেগত গৈ আছিল ৷ সেই সময়তে মানাহ নৈৰ ওপৰত থকা দলঙৰ ওপৰেৰে গৈ থকা এখন ট্ৰাকত খুন্দা মাৰে আৰু দুৰ্ঘটনাত পতিত হয় ৷ তথ্য অনুসৰি, দুৰ্ঘটনা মেক্সিম’ বাহনখনত আছিল বিহুৰ সংগীতানুষ্ঠানত ব্যৱহাৰ কৰা চাউণ্ডচেট ৷

লগতে পঢ়ক : উৰন্ত INDIGO বিমানত যাত্ৰীৰ মোবাইলত জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.