ETV Bharat / state

ৰাজ্যত নতুনকৈ চাৰিজন আক্ৰান্ত COVID-19 - four more Covid 19 positive patient found in bongaigaon assam etv bharat news

বঙাইগাঁও জিলাত নতুনকৈ চিনাক্ত চাৰিজন কৰ’ণাত আক্ৰান্ত ব্যক্তি । বৃহস্পতিবাৰে জিলাখনত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ৷ ইতিমধ্যে বঙাইগাঁও জিলাক ৰেড জ’ন হিচাপে ঘোষণা স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ৷

four more Covid 19 positive patient found in bongaigaon assam etv bharat news
Covid 19 ত আক্ৰান্তৰ সংখ্যা 41 লৈ বৃদ্ধি
author img

By

Published : Apr 30, 2020, 6:32 PM IST

বঙাইগাঁও,30 এপ্ৰিলঃ Covid 19 ৰ সংক্ৰমণৰ ক্ষেত্ৰত কিছুদিনপূৰ্বে গ্ৰীণ জ’ন হিচাপে পৰিচিত বঙাইগাঁও জিলাৰ চাৰিজন লোকৰ দেহত নতুনকৈ ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ ততালিকে জিলাখন Covid 19 ৰ ৰেড জ’নলৈ পৰিণত হয় ৷ বৃহস্পতিবাৰে জিলাখনত উপস্থিত হৈ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য সদৰী কৰে ৷ উল্লেখ্য যে, বিগত ২৮ এপ্ৰিলত বঙাইগাঁৱৰ মাণিকপুৰ থানাৰ অন্তৰ্গত 4 নং নোৱাপাৰা গাঁও পঞ্চায়তৰ শালমাৰা গাঁৱৰ এগৰাকী 16 বছৰীয়া কিশোৰী ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছিল ৷

বঙাইগাঁও জিলাক ৰেড জ’ন ঘোষণা

বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত Covid 19 সন্দৰ্ভত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মৰ উপৰিও জিলা উপায়ুক্ত ডা৹ এমএছ লক্ষ্মীপ্ৰিয়া, আৰক্ষী অধীক্ষক সিংহৰাম মিলি আদিকে ধৰি স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷ অৱশ্যে, বৰ্তমানলৈকে আক্ৰান্ত ব্যক্তিসকলৰ ভ্ৰমণৰ কোনো তথ্য লাভ কৰা নাই চৰকাৰ তথা প্ৰশাসনে ৷

চাৰিজন নতুনকৈ সংক্ৰমিত বঙাইগাঁৱত

জিলাখন ৰেড জ’নলৈ পৰিৱৰ্তিত হোৱাৰ পিছতে চহৰখনত ৰোগীসকলে বসবাস কৰা এলেকাৰ পৰা তিনি কিল’মিটাৰ ব্যাসাৰ্দ্ধৰ ভৌগোলিক এলেকা ছীল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ লগতে আক্ৰান্ত ৰোগীসকলক চিকিৎসাৰ বাবে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে চাওকঃ পথৰ দাঁতিত চলিছে জীৱন সংগ্ৰামৰ অঘোষিত যুঁজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.