বঙাইগাঁও, 9 মাৰ্চ : সোমবাৰে বঙাইগাঁও জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী কেশৱ মহন্ত আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষন চৌধুৰীয়ে ৷ অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনত 35 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰা হয় ৷
দুয়োগৰাকী মন্ত্ৰীৰ উপৰি অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলা উপায়ুক্ত এম এচ লক্ষ্মীপ্ৰিয়া, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব হেমেন দাস, সঞ্চালক অৰূপ কুমাৰ মিশ্ৰ, উত্তৰ শালমাৰা মহকুমাধিপতি পল্লৱী সৰকাৰ, উত্তৰ অভয়াপুৰীৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়, বঙাইগাঁও জিলা পৰিষদৰ সভাপতিকে ধৰি বহুকেইজন ব্যক্তি ৷
আৰু পঢ়ক : বঙাইগাঁৱত আৰক্ষীৰ অভিযানত উদ্ধাৰ গোৱালপাৰাৰ পৰা অপহৃত যুৱকৰ মৃতদেহ