ETV Bharat / state

বঙাইগাঁৱত বন বিভাগৰ অভিযান

প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ ৰাজ্যখনৰ ভিতৰতে অন্যতম চহকী জিলা বঙাইগাঁৱত একাংশই চলাই আছে কাঠৰ ৰমৰমীয়া বেহা ৷ শেহতীয়াকৈ বন বিভাগে যোগীঘোপাৰ টিলাপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে চলালে অভিযান ৷

forest operation in bongaigaon
বঙাইগাঁও জিলাত বনবিভাগৰ অভিযান
author img

By

Published : Apr 8, 2021, 5:43 PM IST

বঙাইগাঁও,8 এপ্ৰিল: বঙাইগাঁও জিলাত বন বিভাগে চলালে ব্য়াপক অভিযান ৷ যোগীঘোপাৰ টিলাপাৰাত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বঙাইগাঁও জিলা বিশেষ বন সুৰক্ষা বাহিনীয়ে চলালে অভিযান । উক্ত অভিযানত এটা অবৈধ কাঠফলা মিল উচ্ছেদ কৰাৰ লগতে প্ৰায় লক্ষাধিক টকাৰ শাল কাঠ আৰু কুণ্ডা জব্দ কৰে অভিযানকাৰী দলটোৱে ।

উল্লেখযোগ্য যে, যোগীঘোপা অঞ্চলত একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰাই বন বিভাগৰ চকুত ধূলি দি এইদৰে চলাই আহিছিল কাঠৰ ৰমৰমীয়া বেহা । বন বিভাগৰ অভিযানৰ পিছত এই চক্ৰটো নিয়ন্ত্ৰিত হয় নে নহয় সেয়া অনাগত দিনত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: নাহৰৰ দেশত স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.