অভয়াপুৰী,৭ আগষ্ট : বঙাইগাঁও জিলাৰ অভয়াপুৰীত NSUIৰ উদ্যোগত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় (Felicitation Program of NSUI at Abhayapuri)। হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অভিনন্দন জনায় ছাত্ৰ সংগঠনটোৱে । ৩৫ নং অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি NSUIৰ উদ্যোগত সংগঠনটোৰ জিলা সমিতিয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰে । জ্যোতি সাংস্কৃতিক অনুষ্ঠানত আয়োজিত এই অভিনন্দন কাৰ্যসূচীত বঙাইগাঁও জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আবুল কাশেমে সভাপতিত্ব কৰে ।
হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ১৮ খন হাইস্কুল আৰু ১৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৯৮ গৰাকী কৃতী ছাত্র-ছাত্রীৰ লগতে প্ৰতিখন বিদ্যালয়লৈ একোখনকৈ অভিনন্দন পত্ৰ প্ৰদান কৰা হয় (Felicitation of NSUI to meritorious students)। কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন পত্র, ফুলাম গামোচা, কলম, কিতাপ আদিৰে অভিনন্দন জনায় সংগঠনটোৰ কর্মকর্তাসকলে । এই অভিনন্দন অনুষ্ঠানৰ আঁত ধৰে বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সম্পাদক ছফিকুল ইছলামে ।
আনহাতে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অভয়াপুৰী (দক্ষিণ) বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰ, বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি আবুল কাশেম, অসম ৰাজ্যিক এন এছ ইউ আইৰ সভাপতি কৃষাণু বৰুৱা, সম্পাদক জুনাইদ হুছেইন, বঙাইগাঁও জিলা এন এছ ইউ আইৰ তত্বাৱধায়ক মুস্তাফা জামান ছামিম আহমেদৰ লগতে জিলা কংগ্ৰেছ, জিলা যুৱ কংগ্ৰেছ, এন এছ ইউ আই আৰু মহিলা কংগ্ৰেছকে ধৰি কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়ক :Viral video : অভিৰাজৰ কণ্ঠই মন্ত্ৰমুগ্ধ কৰিছে সংগীত প্ৰেমীক