বঙাইগাঁও,26 ডিচেম্বৰ : কিছুদিন পূৰ্বে ইটিভি ভাৰতত প্ৰকাশিত হৈছিল এগৰাকী অকলশৰীয়া বৃদ্ধাৰ জীৱন সংগ্ৰামৰ কাহিনী ৷ অকলশৰে জীৱনৰ দিন পাৰ কৰা বৃদ্ধাগৰাকীৰ উপযুক্ত এটা বাসগৃহ নথকাৰ লগতে অভাৱ আছিল খাদ্যৰ ৷ কিন্তু বাতৰি প্ৰকাশৰ পিছতে তৎপৰ হৈ পৰে জিলা প্ৰশাসন ৷
বিশেষভাৱে সক্ষম বৃদ্ধা পচকীবালা ৰায়ৰ ঘৰলৈ জিলা প্ৰশাসনে আগবঢ়াই এটি দমকল ৷ লগতে দীৰ্ঘদিনে আধৰুৱা হৈ থকা চৰকাৰী গৃহৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰে ৷
সাহায্য লাভ কৰি স্বাভাৱিকতে হাঁহি বিৰিঙিছে পচকীবালা ৰায়ৰ ওঁঠত ৷ জানিব পৰা মতে, বৃদ্ধাগৰাকীলৈ শীঘ্ৰে চৰকাৰে আগবঢ়াব এটি অনাময় শৌচালয়, বিপিএল আঁচনিৰ অধীনৰ বিদ্যুত সংযোগ ৷ অঞ্চলটোৰ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ এই পদক্ষেপৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷
লগতে চাওকঃ হোজাইত পিষ্টল সহ আটক দুই কুখ্যাত অপৰাধী