ETV Bharat / state

স্বাধীনতাৰ ৭৩ বছৰৰ পিছত বিদ্যুতৰ পোহৰ দেখিলে মাজগাঁওবাসীয়ে - Bongaigaon electricity latest news

বঙাইগাঁও চহৰৰ পৰা ছয় কিলোমিটাৰ দূৰৰ এইখন মাজগাঁও দ্বিতীয় খণ্ড ৷ স্বাধীনতাৰ পাছতো উক্ত গাঁওখনত নাছিল বিদ্যুতৰ সংযোগ ৷ বিদ্যুতৰ খুটা আছিল যদিও কাৰ্যক্ষম হোৱা নাছিল ৷ ফলত ৰাইজৰ একমাত্ৰ ভৰষা আছিল কেৰাচিন তেলৰ চাকি, লেমৰ পোহৰ ৷ আনহাতে, কেৰাচিনৰ অভাৱত কেতিয়াবা আন্ধাৰৰ মাজতে নিশাটো পাৰ কৰিছিল ৰাইজে ৷

Bongaigaon
বঙাইগাঁও
author img

By

Published : Aug 11, 2020, 6:27 PM IST

বঙাইগাঁও, 11 আগষ্ট : স্বাধীনতাৰ ৭৩ বছৰৰ পাছত বিদ্যুতৰ পোহৰ দেখিলে বঙাইগাঁও জিলাৰ মাজগাঁওবাসীয়ে ৷ সাধাৰণ গাঁৱলীয়া ৰাইজৰ মাজত আনন্দৰ লহৰ। গাঁওখনত বিজুলীৰ পোহৰে আনন্দিত কৰি তোলে প্ৰতিজন গাঁওবাসীক ৷ লগে লগে ফটকা ফুটাই, ভোজ-ভাত খাই আনন্দত মতলীয়া হৈ পৰে ৷
গাঁওখনত প্ৰথম বাৰৰ বাবে হেপাহৰ বিদ্যুতৰ পোহৰ পাই গাঁৱৰ মহিলাসকলো আনন্দিত হৈ পৰে ৷
লগতে পঢ়কঃ ঐতিহাসিক গৌৰীসাগৰ পুখুৰীৰ নামত ব্যাপক কেলেংকাৰী

দৰাচলতে, বঙাইগাঁও চহৰৰ পৰা ছয় কিলোমিটাৰ দূৰৰ এইখন মাজগাঁও দ্বিতীয় খণ্ড ৷ স্বাধীনতাৰ পাছতো উক্ত গাঁওখনত নাছিত বিদ্যুতৰ সংযোগ ৷ বিদ্যুতৰ খুটা আছিল যদিও কাৰ্যক্ষম হোৱা নাছিল ৷ ফলত ৰাইজৰ একমাত্ৰ ভৰষা আছিল কেৰাচিন তেলৰ চাকি, লেমৰ পোহৰ ৷ আনহাতে, কেৰাচিনৰ অভাৱত কেতিয়াবা আন্ধাৰৰ মাজতে নিশাটো পাৰ কৰিছিল ৰাইজে ৷ ইয়াৰোপৰি ম'বাইল চাৰ্জ দিবলৈ অন্য গাঁৱলৈ ধাপলি মেলিছিল ৰাইজে ৷ গাঁওখনৰ এই দুৰৱস্থাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হোৱা পাছতে প্ৰশাসন তথা শক্তি বিভাগে হাতে-কামে লাগি অৱশেষত গাঁওখনত বিদ্যুতৰ ব্যৱস্থা কৰে ৷

বঙাইগাঁও

উল্লেখ্য যে, অভয়াপুৰী বিদ্যুত সংমণ্ডলৰ অধীনত দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাৰ আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ অন্তৰ্গত এই গাঁওখনত ৰাইজক বিদ্যুত যোগান ধৰা হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.