ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

author img

By

Published : Oct 21, 2021, 10:43 PM IST

ধাৰাবাহিকভাৱে পেট্ৰ'ল-ডিজেল তথা নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ ৷

protest against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

বঙাইগাঁও/চামগুৰি, 21 অক্টোবৰ : দেশ তথা ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সকলোৰে এটাই মাথো দাবী, ৰোধ কৰক মূল্যবৃদ্ধি ৷

অত্যাৱশ্যকীয় সামগ্ৰী পে’ট্ৰল, ডিজেল, ৰন্ধন গেছ আদিৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে ব্যৱসায়িক চহৰ বঙাইগাঁৱত কংগ্ৰেছ আৰু চিপিআই(এম) দলে পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ কংগ্ৰেছ দলে বঙাইগাঁও জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে বামপন্থী দল চিপিআই(এম) দলে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এই বিক্ষোভ কাৰ্যসূচীত চি পি আই (এম)ৰ নেতা-কৰ্মী সকলে চৰকাৰৰ জনবিৰোধী নীতিক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

ডিজেল, পে’ট্ৰল, বিদ্যুৎ মাচুলৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত নগাঁৱতো চি পি আই (এম) দলে সাব্যস্ত কৰে এক বিক্ষোভ কাৰ্যসূচীৰ ৷ এই প্ৰতিবাদৰ লগতে সংগতি ৰাখি দলটোৰ সদস্য সকলে নগাঁও চহৰত প্ৰতিবাদী সমদলো বাহিৰ কৰে ৷ প্ৰতিবাদস্থলীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিব‍াদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.