ETV Bharat / state

বঙাইগাঁও জিলাত এম জি এনৰেগাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jul 8, 2020, 12:41 PM IST

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীত এম জি এনৰেগা আঁচনিত ব্যাপক দূৰ্নীতি ৷ কাহিবাৰী নামৰ গাঁৱত অনুমোদন দিয়া ৫০০ মিটাৰ কামৰ মাত্ৰ ১০০ মিটাৰ কামহে সম্পূৰ্ণ কৰাৰ অভিযোগ ৷

ক্ষোভ প্ৰকাশ ৰাইজৰ
বঙাইগাঁও জিলাত এম জি এনৰেগাত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উত্তৰ অভয়াপুৰী, 8 জুলাই : বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিয়ে উদঙাইছে উন্নয়নৰ ফোপোলা স্বৰূপ। যাতায়াতৰ বাবে নাই সুচল বাট-পথ ৷

বান খহনীয়াৰ সৈতে যুগ যুগ ধৰি সহবাস কৰি অহা বঙাইগাঁৱৰে এখন গাঁও হৈছে কাহিবাৰী। এম জি এনৰেগাৰ অধীনত ২০১৯/২০২০ চনৰ আঁচনিৰ জৰিয়তে ছোৰাফ আলীৰ ঘৰৰ পৰা আই নদী হৈ ছিদ্দিক আলীৰ ঘৰলৈ ৫ লাখ টকাৰ কাম আছিল। কিন্তু চৰকাৰে অনুমোদন দিয়া ৫০০ মিটাৰ কামৰ মাত্ৰ ১০০ মিটাৰ কামহে সম্পূৰ্ণ কৰিলে। এই কামৰ মাজতেই দুটাকৈ পুখুৰী সদৃশ গাঁত ৰাখিছে আৰু নিম্নমানৰ মাটি পেলোৱাৰ বাবে ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

সৃজনগ্ৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমজান আলী আৰু পঞ্চায়ত সদস্য বাৰেক আলীৰ লগতে জি আৰ এছ ওমৰ আলীয়ে দুৰ্নীতিৰে ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈ অহা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

লগতে পঢ়ক : সোণাৰীত লালীগুৰ জব্দঃ তিনিজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.