বঙাইগাঁও, 22 জানুৱাৰী : বঙাইগাঁওৰ অভয়াপুৰীত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ সোণাখুলী পাহাৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাঁহনিত সোমাল দুই বাইক আৰোহী ৷ দুৰ্ঘটনাত থিতাতে নিহত দুই যুৱক ৷ নিহত বাইক আৰোহী দুজন ক্ৰমে ৰত্নেশ্বৰ ৰায় আৰু মনোজ ৰায়। ইয়াৰে ৰত্নেশ্বৰ ৰায় চিআইএচএফৰ জোৱান আছিল বুলি জানিব পৰা গৈছে ৷
বিহুৰ বাবে ঘৰলৈ ছুটীত আহিছিল মৃত জোৱানজন ৷ শুকুৰবাৰে পুৱা ৭:৩০ বজাতহে দুয়োকে পথাচাৰীয়ে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ নিশাই দুয়োৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে । অত্যধিক কুঁৱলীৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। মৃত দুয়োজন যুৱকৰে ঘৰ সোণাখুলীত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: ৰাইজৰ ধনেৰে লাহ-বিলাসত ব্যস্ত শাসকীয় দলৰ নেতা:ৰকিবুল হুছেইন