ETV Bharat / state

বঙাইগাঁৱৰ 21 খন পূজা কমিটীৰ সদস্যৰ ক'ভিড পৰীক্ষণ সম্পন্ন - দশমী পূজা

বঙাইগাঁও পূজা কমিটীৰ সদস্যসকলৰ ক'ভিড-19 ৰ পৰীক্ষা সম্পন্ন ৷ 21 খন পূজা কমিটীৰ লোকক কৰা হৈছে পৰীক্ষণ ৷

Bongaigaon Puja Committee Member Covid Test
বঙাইগাঁৱৰ 21 খন পূজা কমিটীৰ সদস্যৰ ক'ভিড পৰীক্ষণ সম্পন্ন
author img

By

Published : Oct 21, 2020, 10:05 PM IST

বঙাইগাঁও, 21 অক্টোবৰ : জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি বুধবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত দুৰ্গাপূজা আয়োজক কমিটীৰ সদস্য সকলৰ ক'ভিড পৰীক্ষা কৰে জিলা স্বাস্থ্য বিভাগে । বিশেষকৈ জিলাখনৰ নিউ বঙাইগাঁও আৰু ডাঙতল অঞ্চলৰ ৰে'ল কলনি সমূহকে মিলাই মুঠ 21 খন পূজা কমিটীৰ লোকক এই ক'ভিড পৰীক্ষা কৰোৱা হয় ।

Bongaigaon Puja Committee Member Covid Test
বঙাইগাঁৱৰ 21 খন পূজা কমিটীৰ সদস্যৰ ক'ভিড পৰীক্ষণ সম্পন্ন

উল্লেখ্য যে, প্ৰতিখন পূজা কমিটীৰ অতি কমেও 11 জনকৈ লোকক এই ক'ভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰিছিল জিলা প্ৰশাসনে । আকৌ দশমী পূজাৰ দিনাখন পুনৰ পৰীক্ষা কৰা হ'ব বুলিও জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে । ক'ভিডৰ সকলো নিয়মাৱলী পালন কৰি দুৰ্গাপূজা অনুষ্ঠিত কৰিব লাগিব পূজা কমিটী সমূহে।

লগতে পঢ়ক : বিজয়া দশমীত চিকিমত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.