বঙাইগাঁও,27জুনঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত অঘটন মৃতকৰ দাহ কৰ্মত অংশগ্ৰহণ কৰি নৈৰ পানীত গা ধুবলৈ গৈ এজন লোক উটি গ'ল নৈৰ কোবাল সোঁতত। অভয়াপুৰীৰ সমীপবৰ্তী নাৰিকলাৰ ছেকাটি নদীত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো । সন্ধানহীন ব্যক্তি জন নাৰিকলাৰ বীৰেন দাস বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত দণ্ডাধীশ আৰু SDRF বাহিনী উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান ৷
উল্লেখযোগ্য যে, বিগত কেইদিনমানৰ পৰা হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে নৈ-উপনৈ সমূহ । লোক জনক বিচাৰি এচ ডি আৰ এফে দীৰ্ঘ সময় অভিযান চলোৱাৰ পিচতো বাঢ়নী পানীৰ বাবে লোকজনৰ সন্ধান উলিওৱাত অসুবিধাৰ সৃষ্টি হৈছে ৷
লগতে পঢ়কঃ বিলাসীপাৰাৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত