বঙাইগাঁও,১৮ মাৰ্চ: সমাগত বিধানসভাৰ নিৰ্বাচন । ৰাজ্যৰ সকলো এতিয়া ব্যস্ত নিৰ্বাচনক লৈ । ইতিমধ্যে সকলো দলেই প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিলে । তাৰ সমান্তৰালকৈ প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিল কাৰ্য অব্যাহত আছে । বৃহস্পতিবাৰে বঙাইগাঁৱত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপু চৌধুৰীৰ মনোনয়ন দাখিল । ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাৰ্থীগৰাকীয়ে ।
বৃহস্পতিবাৰে বিশাল গণ সমদলেৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী দীপু চৌধুৰীয়ে মনোনয়ন দাখিল কৰে । দেখা গৈছে অগপৰ দুৰ্গত অসম জাতীয় পৰিষদৰ উত্থান । একালৰ সতীৰ্থ বিধায়ক ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দীপু চৌধুৰীয়ে ।
বিগত সময়চোৱাৰ নিৰ্বাচনৰ তুলনাত ৩২ নং বিধানসভা সমষ্টিত এইবাৰৰ নিৰ্বাচন কিছু ব্যতিক্ৰম হোৱা পৰিলক্ষিত হৈছে । অগপৰ দুৰ্গ ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিত আছুৰ গৰ্ভত জন্ম হোৱা অসম জাতীয় পৰিষদক ব্যাপক সঁহাৰি সমষ্টিবাসীৰ । ভাকাৰিভিটা হিন্দী স্কুল খেলপথাৰৰ পৰা উলিওৱা মনোনয়ন দাখিলত লোকে লোকাৰণ্য হোৱা পৰিলক্ষিত হয় । সাতটা কাৰ্যকালৰ বিধায়ক ফণীভূষণ চৌধুৰীক পৰাজিত কৰি নতুন উন্নয়নৰ ধাৰা সৃষ্টি কৰিব বুলি মন্তব্য দীপু চৌধুৰীৰ ।
লগতে পঢ়ক: অশোক কুমাৰ সিংঘীৰ বিৰুদ্ধে বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ ক্ষোভ