বঙাইগাঁও, 20 ফেব্ৰুৱাৰীঃ বঙাইগাঁৱৰ সদৰ চহৰৰ মাজমজিয়া পাগলাস্থানত সংঘটিত ধন লুটৰ ঘটনা ৷ এইবাৰ মহানগৰী আৰু কাকপথাৰৰ পিচত বঙাইগাঁৱত 'ইৰানী গ্ৰুপৰ' মহিলাৰ আতংক ৷ বহিঃ ৰাজ্যৰ মহিলাই চলন্ত টেম্পোত ধন লুট কৰিব লওতেই হাতে লোটে ধৰা পৰে ৷ জানিব পৰা মতে, পুৰনি বঙাইগাঁৱৰ ঝাকুৱাপাৰাৰ প্ৰদীপ ৰায় নামৰ লোকজনে গাড়ী কিনিবলৈ লগৰ এজন লোকৰ সৈতে মোনাত টকা লৈ টেম্পোৰে ঢালিগাঁওৰ পিনে গৈ আছিল । তেনে সময়তে মায়াপুৰীৰ পৰা কোলাত কেঁচুৱা লৈ বহিঃ ৰাজ্যৰ মহিলা এগৰাকী টেম্পোত উঠে ৷ তাৰ পিচতে ওচৰতে বহা লোকজনৰ মোনাৰ পৰা টকা উলিয়াই চাদৰেৰে ঢাকি ল'ব লওতেই টকাৰ গৰাকী প্ৰদীপ ৰায়ে হাতে লোটে ধৰি, উত্তৰ বঙাইগাঁও আৰক্ষী চকীত গটাই দিয়ে মহিলা কেইগৰাকীক ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই দলটোৰ পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
লগতে পঢ়কঃ