বঙাইগাঁও,১১ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি প্ৰতি জিলাৰে প্ৰশাসন যথেষ্ট সষ্টম হৈ পৰিছে । বঙাইগাঁও জিলা প্ৰশাসনেও নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ইতিমধ্যে ভোটাৰ সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে । সজাগতামূলক সমদলৰ পৰা আৰম্ভ কৰি কেইবাটাও কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ সকলো লোককে ভোট প্ৰদানৰ বাবে আহ্বান জনাইছে জিলা প্ৰশাসনে । বৃহস্পতিবাৰে জিলা উপায়ুক্তই এক সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে ।
ইফালে বিধানসভা নিৰ্বাচনৰ লগত সংগতি ৰাখি নিৰ্বাচন বিধি উলংঘা কৰাৰ ফলত বাজেয়াপ্ত নগদ ধন মুকলি সন্দৰ্ভত সাধাৰণ জনতাৰ বিভিন্ন অসুবিধা তথা অভিযোগ উত্থাপনৰ বাবে বঙাইগাঁও জিলাত গঠন কৰা হৈছে এখন বিশেষ সমিতি । অতিৰিক্ত উপায়ুক্ত নাদিৰা জেচমিনয়ে সভাপতিত্ব কৰা সমিতি খনৰ নোডেল বিষয়া হৈছে জিলা উন্নয়ন আয়ুক্ত এচ এম জেদ ।সমিতিখনত আছে এ.এল.আৰ.এচ মাইনোশ্ৰী বড়ো আৰু জিলা কোষাগাৰ বিষয়া বিদ্যুৎ বিকাশ পাঠক । এই সমিতিখনে বিভিন্ন ঠাইত আৰক্ষী বা স্টেটিক চাৰ্ভিলেঞ্চ টীম আৰু ফ্লায়িং স্কোৱাড দলৰ দ্বাৰা বাজেয়াপ্ত ধনসমূহৰ উৎস পৰীক্ষণ কৰিব ।
যদি এই বাজেয়াপ্ত ধনসমূহৰ বিৰুদ্ধে কোনো অভিযোগ দাখিল কৰা হোৱা নাই অথবা ৰাজনৈতিক দল বা নিৰ্বাচনী প্ৰচাৰৰ লগত ইয়াৰ কোনো যোগসূত্র উদ্ধাৰ নহয় তেন্তে নিৰ্ধাৰিত বিধি অনুসৰি এই সমিতিখনে সেই নগদ ধনখিনি বাজেয়াপ্ত কৰা ব্যক্তিজনক ঘূৰাই দিয়াৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব । সমিতিখনে সকলো দিশ পৰ্যবেক্ষণ কৰি বাজেয়াপ্তকৰণৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব ।
লগতে পঢ়ক:পাথাৰকান্দিত কংগ্ৰেছ কৰ্মীয়ে ভাঙিলে কংগ্ৰেছৰ কাৰ্যালয়