ETV Bharat / state

অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট - গুৱাহাটী উচ্চ ন্যায়ালয়

পেঞ্চন আৰু ভৱিষ্যনিধিৰ ধন আদায় দিয়াৰ বাবে ধৰ্ম ঘটত বহিল বঙাইগাঁও যোগিঘোপাৰ অশোক কাগজ কলৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী সকল। বিধৱাৰ চকুপানী মুছিব কোনে,বৃদ্ধ বয়সত কাৰ্যলয়ত তাঁতবাটি কাঢ়ি অধৈয্য কৰ্মচাৰী সকল। প্ৰধান মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি দুই ঘন্টীয়া ধৰ্মঘট আৰু স্মাৰক প্ৰদান।

Bongaigaon Ashok paper mil ex employe protest
অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট
author img

By

Published : Sep 9, 2020, 9:41 PM IST

বঙাইগাঁও, 9 ছেপ্তেম্বৰঃ বঙাইগাঁও যোগিঘোপাৰ অশোক কাগজ কলটো অসম চৰকাৰে ১৯৯৫ চনত শ্ৰমিকসহ বেচৰকাৰী কোম্পানীক হস্তান্তৰ কৰাৰ সময়তে ভৱিষ্যনিধি ৩৭,৭৭,০৭৪ টকা জমা আছে । কিন্তু উক্ত ধনৰাশি আজিলৈকে চৰকাৰে মুকলি কৰি নিদিলে । ইতিমধ্যে বহুত কৰ্মচাৰীয়ে মৃত্যুক সাৱটি লৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ৰায়ৰ ভিত্তিত কৰ্মচাৰী সমূহক অৱসৰ দিয়া হয় যদিও আজিলৈকে পেঞ্চনৰ বাবে বৃদ্ধ বয়সত কৰ্মচাৰী সকলে কাৰ্যলয়ে কাৰ্যলয়ে তাতঁবাটি কাঢ়িব লগা হৈছে । যাৰ ফলত আজি অশোক কাগজৰ কলৰ শ্ৰমিক সকলে কলৰ মুখ্যদ্বাৰত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট
উল্লেখযোগ্য যে,ঐতিহাসিক অসম চুক্তিৰ সন্নিবিষ্ট হোৱা অশোক কাগজ কল পুনৰ উজ্জীৱিত কৰা হৈছিল যদিও দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকাৰ ফলত সম্প্ৰতি হাবি-জংঘলৰে আগুৰি ধৰাৰ লগতে জহি খহি গৈছে,এছিয়া মহাদেশৰ ভিতৰত উন্নতমানৰ কাগজ উৎপাদন কৰা কলটো । ১৯৭০ চনৰ ৩ অক্টোবত প্ৰায়ত প্ৰধান ইন্দিৰা গান্ধীয়ে যোগীঘোপাত কলটো স্থাপন কৰাৰ পাছত ১৯৭২ চনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ১৯৭৭ চনৰ পৰা উৎপাদন আৰম্ভ হৈছিল । কিন্তু ৮৫৫জন শ্বহীদৰ ত্যাগৰ বিনিময়ত অসম চুক্তিত সন্নিবিষ্ট হোৱা ১৯৮৩ চনৰ পৰা ৰহস্যজনক কাৰণত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে কাগজ কলটো ।
Bongaigaon Ashok paper mil ex employe protest
অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

ফলত কাগজ কলটোৰ শ্ৰমিক হিচাপে কেইবাশ লোক নিবনুৱা হৈ পৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ ঘোৰ অমানিশা নামি আহিছিল । কলটো বন্ধ হোৱাৰ প্ৰায় আঠ বছৰ পাছত হায়দৰাবাদৰ সাংঘি টেক্সটাইল লিমিটেডক বুজাবুজিৰ চুক্তিৰে কলটো লীজত দিয়া হয় যদিও সাংঘিয়ে কলটোক পুনৰ উজ্জীৱিত কৰাৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগত অসম চৰকাৰে নিজৰ হাতলৈ নি পুনৰ ২০০০ চনত কলিকতাৰ এটা প্ৰতিষ্ঠানক লীজত দিয়ে । কিন্তু কুঠাৰী নামৰ অখ্যাত প্ৰতিষ্ঠানটোৱে কলটো চলাব নোৱাৰি নাটকীয়ভাবে পলায়ন কৰাত চাৰি শতাধিক কৰ্মচাৰীৰ পৰিয়াল সমূহৰ দুৰ্বিষহ জীৱন আৰম্ভ হোৱাৰ লগতে আৰ্থিক অনাতনত ভুগি বহু কেইগৰাকী কৰ্মচাৰীয়ে আত্মহত্যাৰ পথ বাছি লয় । সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে কলটো পুনৰ উজ্জীৱিত কৰাৰ বাবে দাবী জনাই আন্দোলন আৰম্ভ কৰে যদিও চৰকাৰৰ আওকাণীয়া মনোভাৱৰ বাবেই কলটো মৃত্যু মুখত পৰাৰ অভিযোগ উঠিছে।
উপায়ন্তৰ হৈ বুধবাৰে বঙাইগাঁওৰ যোগীঘোপাত অশোক কাগজ কলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অশোক কাগজ কলৰ মুখ্যদ্বাৰত । কাগজ কলৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী সকলৰ পেঞ্চন আৰু ভৱিষ্যতনিধিৰ টকা মোকলাই দিয়াৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বইটামাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত স্মাৰক ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

লগতে পঢ়কঃ প্ৰতিৱেশী হিন্দুৰ বাবে নামঘৰ সাজি দিয়া মুছলমান দম্পতী....

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.