ETV Bharat / state

ব্যৰ্থ অসম চৰকাৰঃ বন্যাৰ্তৰ শেষ আস্থা নেদেখাজন.... - বঙাইগাঁও জিলা

ভৌগলিকভাৱে অসমভূমি এনে এক প্ৰান্তত অৱস্থিত যাৰ চৌদিশ প্ৰায় পাহাৰেৰে আবৃত ৷ সেয়ে ৰাজ্যৰ বানৰ সমস্যা একেবাৰে নিশেষ কৰিব নোৱাৰিলেও যথাযথ পানীৰ ব্যৱস্থাপনাই ৰাজ্যবাসীক কিছু পৰিমাণে সকাহ দিব ৷ ব্ৰহ্মপুত্ৰক বৈ যাব পৰাকৈ কিছু ঠাই দিলে নিশ্চয় প্ৰতিবছৰৰ খহনীয়াৰ পৰা ৰাজ্যবাসী কিছু পৰিমাণে মুক্ত হব ৷ কিন্তু এই বান ৰোধৰ ক্ষেত্ৰত চৰকাৰক দৰকাৰ এটা উপযুক্ত পৰিকল্পনাৰ ৷ কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে প্ৰদান কৰা হ্ৰস্বম্যাদী আঁচনীয়ে বাৰে বাৰে ৰাজ্যবাসীলৈ বিপদ চপাই আনিছে ৷

Brahmaputra
ব্ৰহ্মপুত্ৰ
author img

By

Published : Jul 28, 2020, 5:39 PM IST

নিউজ ডেস্ক, 28 জুলাইঃ অৱশেষত নেদেখাজনকে শেষ ভৰষা কৰি কালৰূপী ব্ৰহ্মপুত্ৰৰ বুকুত বিনিদ্ৰ ৰজনী কটাইছে বন্যাৰ্তই ৷ মহামাৰীৰ এই সময়ছোৱাত ওপৰত ৰ'দ তলত পানী আৰু ম'হ-দাহৰ মাজতে দিন পাৰ কৰিছে ৰাজ্যবাসীয়ে ৷ সকলোৰে মিছা আশা-প্ৰতিশ্ৰুতি এৰি ব্ৰহ্মপুত্ৰক শান্ত কৰাৰ উদ্দেশ্যে নৈৰ পাৰত ভগৱানক প্ৰাৰ্থনা কলিয়াবৰৰ ৰবৰ-বাৰী গাঁৱৰ নৈ-পৰীয়া ৰাইজৰ। সমান্তৰালকৈ আই নদীৰ খহনীয়া ৰোধৰ বাবে বঙাইগাঁৱতো আল্লাৰ ওচৰত সমূহীয়া নামাজ পঢ়িছে শিশুৰ পৰা বৃদ্ধলৈ ৷

ব্যৰ্থ অসম চৰকাৰঃ বন্যাৰ্তৰ শেষ আস্থা নেদেখাজন....

ভৌগলিকভাৱে অসমভূমি এনে এক প্ৰান্তত অৱস্থিত যাৰ চৌদিশ প্ৰায় পাহাৰেৰে আবৃত ৷ সেয়ে ৰাজ্যৰ বানৰ সমস্যা একেবাৰে নিশেষ কৰিব নোৱাৰিলেও যথাযথ পানীৰ ব্যৱস্থাপনাই ৰাজ্যবাসীক কিছু পৰিমাণে সকাহ দিব ৷ ব্ৰহ্মপুত্ৰক বৈ যাব পৰাকৈ কিছু ঠাই দিলে নিশ্চয় প্ৰতিবছৰৰ খহনীয়াৰ পৰা ৰাজ্যবাসী কিছু পৰিমাণে মুক্ত হব ৷ কিন্তু এই বান ৰোধৰ ক্ষেত্ৰত চৰকাৰক দৰকাৰ এটা উপযুক্ত পৰিকল্পনাৰ ৷ কিন্তু ইয়াৰ বিপৰীতে চৰকাৰে প্ৰদান কৰা হ্ৰস্বম্যাদী আঁচনীয়ে বাৰে বাৰে ৰাজ্যবাসীলৈ বিপদ চপাই আনিছে ৷ বাৰিষা পৰাৰ কিছুদিন পূৰ্বে মথাউৰি বান্ধা,বানৰ মাজতে পাৰ্কুপাইনৰ ব্যৱস্থা আৰু বন্যাৰ্তৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণতে সীমাবদ্ধ চৰকাৰখন ৷ ব্যৰ্থ চৰকাৰৰ হাতত নাই বানৰ ৰোধৰ এটা সফল পৰিকল্পনা ৷ সেয়ে প্ৰতিবছৰে বুদ্ধিহীন চৰকাৰৰ পৰিণাম ভোগ কৰি আহিছে দুৰ্ভগীয়া ৰাজ্যবাসীয়ে ৷

লগতে পঢ়কঃ বোকাখাটত পথৰ দুৰৱস্থাৰ বাবেই এজন লোকৰ মৃত্যু

১৯৩৫ চনতে বৃটিছে স্বীকৃতি দিয়া কলিয়াবৰৰ অন্তৰ্গত শিলঘাট টাউন এতিয়া ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াৰ কবলত ৷ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে এসময়ৰ শিলঘাট জাহাজ ঘাটৰ বিস্তীৰ্ণ এলেকা ৷ বিগত এসপ্তাহ ধৰি গৰা খহনীয়াই কালৰূপ লৈছে শিলঘাটৰ 'ৰবৰ-বাৰী অঞ্চলত। সমান্তৰালকৈ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীয়ে লৈছে প্ৰলয়ংকৰী ৰূপ ৷ নৈৰখনৰ এই সংহাৰী ৰূপৰ বাবে জিলাখনৰ জাৰাগুৰি,জামদহা আৰু ভাণ্ডাৰাত প্ৰায় শতাধিক পৰিয়ালৰ ঘৰ-মাটি,শশ কৃষিভূমিৰ লগতে মছজিদ পৰ্যন্ত নদীৰ বুকুত বিলীন হৈ গৈছে ।

শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ গাদীত বহি বন্যাৰ্তৰ যন্ত্ৰণা অনুভৱ কৰিব নোৱাৰে এইখন ৰাজ্যৰ আমোলাই ৷ সেয়ে এই সময়ছোৱাত কোনো গত্যন্তৰ নাই কলিয়াবৰ আৰু বঙাইগাঁওবাসীৰ ওচৰত ৷ ব্যৰ্থ চৰকাৰৰ ভৰসা এৰি উফন্দি উঠা লুইতক শান্ত কৰিবলৈ নেদেখাজনৰ ওচৰত কোনোৱে যদি প্ৰাৰ্থনা কৰিছে,কোনোৱে আকৌ সামূহিক নামাজ পঢ়িছে ৷ দুখীয়াৰ বন্যাৰ্তৰ চকুপানীলৈ কাণ-সাৰ নাই চৰকাৰ মহাৰাজৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.