বঙাইগাঁও, 3 জানুৱাৰী : বিটিচিৰ পৰা গাঁও কৰ্তন বা অন্তৰ্ভুক্তি সন্দৰ্ভত বিটিআৰ চুক্তি অনুসৰি গঠিত বাৰ্মা আয়োগৰ নেতৃত্বই বাহৰ পাতিছে বঙাইগাঁৱৰ আৱৰ্ত ভৱনত।
![Bongaigaon AKRSU meet Barma comission](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-bongaigaonakrsumeetbarmacomission-vis-10012_03012021163416_0301f_1609671856_978.jpg)
বিটিচিৰ পৰা গাঁও কৰ্তনৰ বিষয়টোক লৈ দেওবাৰে বঙাইগাঁৱত আক্ৰাছুৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্বই পি বি বৰ্মাৰ নেতৃত্বত গঠিত আয়োগক সাক্ষাৎ কৰি নিজৰ সমস্যা সমুহ পুৰণ কৰিবলৈ দাবী উত্থাপন কৰে । বিটিচিৰ পৰা আয়োগে সঠিক ভাৱে যাতে গাঁও সমুহ কৰ্তন কৰে তাৰ বাবেও দাবী উত্থাপন কৰে সংগঠন কেইটাই ।
![Bongaigaon AKRSU meet Barma comission](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-chg-02-bongaigaonakrsumeetbarmacomission-vis-10012_03012021163416_0301f_1609671856_711.jpg)
উল্লেখ্য যে, ৰাজ্য, কেন্দ্ৰীয় চৰকাৰ আৰু এনডিএফবিৰ নেতৃত্বৰ সৈতে স্বাক্ষৰিত হোৱা চুক্তিত উল্লেখ থকা মতে, বিটিএডিৰ অন্তৰ্গত যিবোৰ গাঁও বা অঞ্চলত অ-জনজাতি লোকৰ সংখ্যা বেছি সেই অঞ্চলসমূহ বিটিএডিৰ পৰা বাদ দিয়া হ’ব আৰু বড়ো তথা জনজাতিৰ লোকসকলৰ বসতি প্ৰধান এলেকাসমূহ বিটিএডিত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত এখন কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।
লগতে পঢ়ক: বিগত 19 বছৰত উত্তৰাখণ্ডত ধৰ্ষণৰ বলি হৈছে প্ৰায় 3956 গৰাকী মহিলা !