বঙাইগাঁও,12 এপ্ৰিল: বঙাইগাঁও জিলাৰ গৰাইমাৰীৰ বজাৰৰ কাষত দেওবাৰে নিশা টাটা ম’বাইল আৰু হোণ্ডা আই 20 বাহনৰ মুখামুখি সংঘৰ্ষ ঘটে ৷ সংঘৰ্ষত হোণ্ডা আই 20 বাহনখনৰ কেবাজনো যাত্ৰী আহত হয় ৷ জানিব পৰা মতে, ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ২৬ বি ২৯০৫ নম্বৰৰ এখন আই 20 বাহন পশ্চিমদিশে গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ওফৰি গৈ বিপৰীত দিশত অহা এ এছ ১৯ এচি ০৬৬২ নম্বৰৰ টাটা ম’বাইল বাহনত খুন্দা মাৰে ।
এই ঘটনাটোৰ পাছতে আঘাত প্ৰাপ্তসকলক উদ্ধাৰ কৰি থকাৰ সময়তে উদ্ধাৰকাৰীক অন্য এখন তীব্ৰবেগী টাটা টিয়াগ’ বাহনে পুনৰাই খুন্দিওৱাৰ ফলত অতি কমেও পাঁচজন লোক আহত হয় ৷ এই ঘটনাত আহত হয় যান-বাহন নিয়ন্ত্ৰণ বিভাগৰ আৰক্ষী বিষয়া হজৰত আলী ৷ সম্প্ৰতি আলীক ল'ৱাৰ আছাম হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে ৷ আন আহতসকলকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ দুৰ্ঘটনাত কমেও দহজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে ৷