বঙাইগাঁও, 16 নৱেম্বৰঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ জনবিৰোধী নীতিৰ প্ৰতিবাদত অহা 26 নবেম্বৰত দেশজোৰা এক ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ট্ৰেড ইউনিয়নে । উত্তৰ-পূৰ্বাঞ্চলৰ ৰে'লৱে মজদুৰ ইউনিয়ণৰ সাধাৰণ সম্পাদক আশিষ বিশ্বাসে নিউ বঙাইগাঁৱৰ এক সভাত অংশগ্ৰহণ কৰি এই কথা সদৰি কৰে ৷
সভাত বিজেপি চৰকাৰে দেশৰ মুল্যবৃদ্ধিকে আদি কৰি বিভিন্ন দিশত নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিৰ বাবেই ট্ৰেড ইউনিয়নসমূহে এইদৰে ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে বিশ্বাসে ৷ মূল্যবৃদ্ধিকে আদি কৰি ইউনিয়নৰ 12 দফীয়া দাবীৰ সমৰ্থনত সমগ্ৰ দেশত এই প্ৰতিবাদ সাব্যস্ত কৰিব ইউনিয়নে ।