ETV Bharat / state

কিয় দল আৰু ৰাইজক বিশ্বাসঘাটকতা কৰিলে অগপ নেতৃত্বই? অশ্বিন মহন্তৰ প্ৰশ্ন - ড. অশ্বিন কুমাৰ মহন্ত

শুকুৰবাৰে অভয়াপুৰীত অনুষ্ঠিত সংবাদ মেলত মহন্তই কয় যে যি অগপ নেতৃত্বই ডিঙিৰ শিৰ ফুলাই ফুলাই বিধেয়কখনৰ বিৰোধিতা কৰিছিল, তেওঁলোকে বিজেপিৰ লগত কিয় যাবলগীয়া হ'ল? তেওঁলোকৰ নিজাকৈ নিৰ্বাচন খেলিব পৰা দম নাই নেকি? যি প্ৰাৰ্থীৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে তেওঁকহে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় অগপ নেতাগৰাকীয়ে ৷ বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপ নেতাসকলে দল আৰু ৰাইজক বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ কৰে মহন্তই ৷

অভয়াপুৰীত ড. অশ্বিন কুমাৰ মহন্তৰ সংবাদমেল
author img

By

Published : Apr 20, 2019, 9:38 AM IST

দক্ষিণ অভয়াপুৰী, 20 এপ্ৰিলঃ "নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা ব্যক্তি আৰু দলক জাতিৰক্ষাৰ স্বাৰ্থত সমগ্ৰ অসমবাসীয়ে ভোটদানৰ পৰা বিৰত থাকক ৷"এই মন্তব্য অগপ নেতা ড0 অশ্বিন কুমাৰ মহন্তৰ । শুকুৰবাৰে অভয়াপুৰীত অনুষ্ঠিত সংবাদ মেলত মহন্তই কয় যে যি অগপ নেতৃত্বই ডিঙিৰ শিৰ ফুলাই ফুলাই বিধেয়কখনৰ বিৰোধিতা কৰিছিল, তেওঁলোকে বিজেপিৰ লগত কিয় যাবলগীয়া হ'ল? তেওঁলোকৰ নিজাকৈ নিৰ্বাচন খেলিব পৰা দম নাই নেকি? যি প্ৰাৰ্থীৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে তেওঁকহে ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় অগপ নেতাগৰাকীয়ে ৷ বিজেপিৰ সৈতে মিত্ৰতা কৰা অগপ নেতাসকলে দল আৰু ৰাইজক বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ কৰে মহন্তই ৷

কিয় দল আৰু ৰাইজক বিশ্বাসঘাটকতা কৰিলে অগপ নেতৃত্বই?

উল্লেখ্য যে ডo অশ্বিন মহন্তৰ নেতৃত্বত গঠন হোৱা ২০ জনীয়া সমিতিয়ে 24 এপ্ৰিলৰ পৰা ৰাজ্যখনৰ বিভিন্ন স্থানলৈ অগপ দলৰ বৰ্তমানৰ জিলা পৰ্যায়ৰ সমূহ বিষয়ববীয়াক পদত্যাগ কৰিবলৈ প্ৰচেষ্টা চলাব বুলি সংবাদ মেলত সদৰী কৰে। প্ৰয়োজন সাপেক্ষে এই নেতা-কৰ্মীসকলক হেঁচা প্ৰয়োগ কৰি হ'লেও পদত্যাগ কৰাৰ কাৰণে বাধ্য কৰোৱা হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। জুন মাহৰ প্ৰথম সপ্তাহত অগপ দলৰ গণ অভিৱৰ্তন তথা গণ সাধাৰণ পৰিষদ আহ্বান কৰি দলটোক পুনৰ গঠন কৰিব বুলিও সংবাদ মেলখনত মহন্তই ঘোষণা কৰে।

Intro:ড. অশ্বিন কুমাৰ মহন্তৰ সংবাদমেলBody:
Slug- অগপ নেতা ড. অশ্বিন কুমাৰ মহন্তৰ সংবাদমেল ।
Date- 19.04.19

Anchor- পুনৰ বিভাজনৰ দিশে অগপ ।অভয়াপুৰীত অগপ নেতা ড. অশ্বিন কুমাৰ মহন্তৰ সংবাদ মেল। অতুল কেশৱ,ফনীক জাতিদ্ৰোহী আখ্যা।

Voice Over- জাতিধ্বংশী নাগৰিকত্ব সংশোধনী বিধেয়ক আইন সমৰ্থন কৰা ব্যক্তি আৰু দলক জাতিৰক্ষাৰ স্বাৰ্থতে সমগ্র অসমবাসীয়ে ভোটদানৰ পৰা বিৰত থাকক- এই মন্তব্য অগপ নেতা ড.অশ্বিন কুমাৰ মহন্তৰ । আজি অভয়াপুৰীত অনুষ্ঠিত সংবাদ মেলত মহন্তই এই আহ্বান জনোৱাৰ লগতে কেব মানি লোৱা বিজেপি দলৰ সৈতে অগপ নেতৃত্বই মিত্ৰতা কৰা সিদ্ধান্ত দলৰ সিদ্ধান্ত নহয় বুলি দাবী কৰে। সমাগত লোকসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা কৰি অৱতীৰ্ণ হোৱা ধুবুৰী আৰু বৰপেটা সমষ্টিৰ অগপ প্ৰাৰ্থীদ্বয়ক ভোটদানৰ পৰা বিৰত থাকিবলৈও সংবাদ মেলত মহন্তই ৰাইজলৈ আহ্বান জনায়। অগপৰ প্ৰচাৰ কোষৰ নেতা বুলি দাবী কৰা মহন্তই সমষ্টি দুটাত কেবৰ বিৰোধিতা কৰা যোগ্য প্ৰাৰ্থী তথা দলক বিপুল ভোটত জয়যুক্ত কৰিবলৈকো ভোটদাতা ৰাইজলৈ আহ্বান জনায়। বৰপেটা লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে পূৰ্বে গ্ৰহণ কৰা কেব বিৰোধী স্থিতি এতিয়া পাহৰিছে বুলি সমালোচনা কৰি মহন্তই বৰ্তমানৰ অগপ নেতৃত্বত থকা অতুল বৰা, কেশৱ মহন্ত আৰু ফনীভূষন চৌধুৰীকো কঠোৰ ভাবে সমালোচনা কৰে । ব্যক্তি স্বাৰ্থৰ কাৰণে জাতিক বন্ধকত থোৱা অতুল, কেশৱ, ফনীক জাতিদ্ৰোহী বুলি অশ্বিন মহন্তই এইকেইজন আঞ্চলিকতা বাদক বিসৰ্জন দিয়া নেতা বৰ্তমান অগপৰ নেতা হৈ থকা নাই বুলিও দাবী কৰে। ড. অশ্বিন মহন্তৰ নেতৃত্বত গঠন হোৱা ২০ জনীয়া সমিতিয়ে অহা ২৪ এপ্ৰিলৰ পৰা ৰাজ্য খনৰ বিভিন্ন স্থানলৈ অগপ দলৰ বৰ্তমানৰ জিলা পৰ্যায়ৰ সমূহ বিষয়ববীয়াক পদত্যাগ কৰিবলৈ প্ৰচেষ্টা চলাব বুলি সংবাদ মেলত তেওঁ সদৰী কৰে। প্ৰয়োজন সাপেক্ষে এই নেতা কৰ্মীসকলক হেচা প্ৰয়োগ কৰি হলেই পদত্যাগ কৰাৰ কাৰণে বাধ্য কৰোৱা হব বুলিও তেওঁ প্ৰকাশ কৰে। অহা জুনমাহৰ প্ৰথম সপ্তাহত অগপ দলৰ গণঅভিবৰ্তন তথা গণ সাধাৰণ পৰিষদ আহ্বান কৰি দলটোক পুনৰ গঠন কৰিব বুলিও সংবাদ মেলখনত মহন্তই ঘোষণা কৰে।
Regards
Indranil Das
News Contributor
ETV BHARAT
Abhayapuri SouthConclusion:Visual 1
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.