ETV Bharat / state

পৃথক কমতাপুৰ ৰাজ‍্যৰ দাবীত ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতিবাদ - কোচ-ৰাজবংশী

ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতিবাদ ৷ জনজাতিকৰণ,পৃথক কমতাপুৰ ৰাজ‍্যৰ পুনৰ গঠন আদিৰ বাবে এই প্ৰতিবাদ আক্ৰাছুৰ ৷ ৰঙিয়া আৰু বঙাইগাঁৱতো আক্ৰাছুৱে পালন কৰে প্ৰতিবাদ ৷

AKRSU Protest Demanding Separate Kamatapur State And Tribal Karan
পৃথক কমতাপুৰ ৰাজ‍্যৰ দাবীত ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতিবাদ
author img

By

Published : Sep 21, 2020, 3:46 PM IST

বঙাইগাঁও/ৰঙিয়া,21 ছেপ্তেম্বৰ: সোমবাৰে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতি (কৰ্মেশ্বৰ গোট) ৰ নিৰ্দেশ অনুসৰি অসমৰ প্ৰতিখন জিলাতে আক্ৰাছুয়ে জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ‍্যৰ পুণৰগঠন, কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰিসৰ বৃদ্ধিৰ লগতে চাৰিদফীয়া দাবীৰ সমৰ্থনত প্ৰতিখন জিলা সদৰত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

পৃথক কমতাপুৰ ৰাজ‍্যৰ দাবীত ৰাজ্যজুৰি আক্ৰাছুৰ প্ৰতিবাদ

কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুসৰি,বঙাইগাঁও জিলাৰ সদৰ গান্ধী ময়দানত বঙাইগাঁও জিলা আক্ৰাছুয়ে এই তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য‍সূচী ৰূপায়ণ কৰে । আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি কৰ্মেশ্বৰ ৰায়ে প্ৰতিবাদী কাৰ্য‍সূচীত অংশগ্ৰহণ কৰি কয় যে,আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই জনজাতিকৰণ নকৰিলে অধিক তীব্ৰতৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে আক্ৰাছুয়ে ।

লগতে পঢ়ক : ক’ভিড অধিনিয়মৰ মাজেৰে আজিৰে পৰা ৰাজ্যত বিদ্যালয়ৰ পাঠদান আৰম্ভ

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি,আক্ৰাছুয়ে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনক লৈ সুখী নহয়। আনকি,অবিভক্ত গোৱালপাৰা জিলাক লৈ গঠিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰা ৰাভা হাছং আৰু বিটিচিৰ বৃহৎ অঞ্চল বাদ পৰাৰো অভিযোগ আক্ৰাছুৰ । গতিকে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পৰিসৰ লৈ মুঠেই সুখী হোৱা নাই আক্ৰাছুৰ কৰ্মেশ্বৰ গোট ।

আনহাতে,ৰঙিয়াত আক্ৰাছুই পৃথক কমতাপুৰ গঠন আৰু কোচ-ৰাজবংশী সকলক জনজাতিকৰণৰ দাবীত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত সংগঠটোৰ সদস্য সকলে সামাজিক দুৰত্ব বজাই ৰাখি তিনি ঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।

উল্লেখযোগ্য যে,কিছুদিন পূৰ্বে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বাবে চৰকাৰে অনুমোদন দিয়াৰ পিচতেই সংগঠনটোৰ সাধাৰণ সম্পাদক গকুল বৰ্মণে সাংবাদিকৰ সন্মুখত স্পষ্ট কৰি কয় যে,কোচ-ৰাজবংশী সকলৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ গঠনৰ বিষয়ে আপোচ কৰা নহ'ব ।

লগতে পঢ়ক : প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.