ETV Bharat / state

কালিকা লগা দেওবাৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্ঘটনাত নিহত তিনি

৩৭ নং ৰাষ্ট্ৰীয় পথত ৰৈ থকা ট্ৰাকত খুন্দা মাৰিলে জখলাবন্ধাৰ পৰা কুঠৰী অভিমুখী টাটা মেজিকে ৷ গুৰুত্বৰ ভাৱে আহত দুজন ৷ অভয়াপুৰীত দুৰ্ঘটনাগ্ৰস্ত বাইকৰ নম্বৰ AS 19M 5450 ৷ বিশ্বনাথৰ মোনাবাৰীত স্কৰপিঅ'ত খুন্দিয়াই থিতাতে নিহত দুজন বাইক আৰোহী ৷

কলিয়াবৰত ট্ৰাক মেজিকৰ সংঘৰ্ষ: অভয়াপুৰীত নিয়ন্ত্ৰণ হেৰুৱাই নিহত মটৰচাইকেল আৰোহী
author img

By

Published : Nov 17, 2019, 11:40 PM IST

নিউজ ডেস্ক, 17 নৱেম্বৰ: দেওবাৰে নিশা ৰাজ্যৰ কেইবাঠাইটো সংঘটিত হ'ল পথ দুৰ্ঘটনা ৷ নগাঁও জিলাৰ কলিয়াবৰৰ বুঢ়াপাহাৰ নেহৰু বস্তিত দেওবাৰে নিশা সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথত ৰৈ থকা ট্ৰাকত খুন্দা মাৰি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হল জখলাবন্ধাৰ পৰা কুঠৰী অভিমুখী এখন টাটা মেজিকৰ দুই আৰোহী ৷ ঘটনা অনুসৰি এ. এচ. ০২ চি. চি. ০৪৫০ নম্বৰৰ টাটা মেজিকখনে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত বিকল হৈ ৰৈ থকা এ. এচ. ০১ ই. চি. ২১৬০ নম্বৰৰ ট্ৰাকখনত পিচফালৰ পৰা খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।আঘাতপ্ৰাপ্ত দুই যুৱক বিক্ৰম ৰংহাং, ধৰম সিং টিচ'ক আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে ৷ ইফালে, বঙাইগাঁও জিলাৰ অভয়াপুৰীতো সংঘটিত হল শোকাৱহ পথ দুৰ্ঘটনা ৷ খগৰপুৰ দিশৰ পৰা উত্তৰ শালমাৰা অভিমুখে AS 19M 5450 নম্বৰৰ বাইকেৰে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰি প্ৰাণ হেৰুৱালে চিৰাং জিলাৰ কাজলগাঁৱৰ প্ৰশান্ত ব্ৰহ্ম নামৰ এজন লোকে ৷ দুৰ্ঘটনাটোত নিহত ব্ৰহ্মৰ পত্নী শনিবালা ব্ৰহ্মক সংকটজনক অৱস্থাত বঙাইগাঁৱলৈ প্ৰেৰণ কৰে৷

ইফালে, কালিকা লগা দেওবাৰত বিশ্বনাথটো সংঘটিত হ'ল এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ এখন তীব্ৰ বেগী মটৰচাইকেল আৰু স্কৰপিঅ'ৰ মাজত হোৱা মুখা-মুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে দুই বাইক আৰোহীয়ে ৷ নিহত বাইক আৰোহী দুজন ক্ৰমে উমেশ সিংহ আৰু দিপক মুণ্ডা ৷

etv bharat assam
অভয়াপুৰীত নিয়ন্ত্ৰণ হেৰুৱাই নিহত মটৰচাইকেল আৰোহী
কলিয়াবৰত ট্ৰাক মেজিকৰ সংঘৰ্ষ: অভয়াপুৰীত নিয়ন্ত্ৰণ হেৰুৱাই নিহত মটৰচাইকেল আৰোহী

আৰু পঢ়ক: কেৰালা বান ক্ষতিগ্ৰস্থৰ বাবে 121 টা "ৰামোজী হাউচ"

Intro:কলিয়াবৰৰ বুঢ়াপাহাৰ নেহৰু বস্তিত দুৰ্ঘটনা

টাটা মেজিকে খুন্দিয়ালে ৩৭ নং ৰাষ্ট্ৰীয় পথত ৰৈ থকা ট্ৰাকত

চালকসহ দুই আৰোহী আঘাটপ্ৰাপ্তBody:দেওবাৰে সন্ধ‍্যা প্ৰায় ৭:৩০ বজাত বাগৰি আৰক্ষী চকীৰ অন্তৰ্গত নেহৰু বস্তিত এক দুৰ্ঘটনা সংঘটিত হয়। জখলাবন্ধাৰ পৰা কুঠৰী অভিমুখী টাটা মেজিক দুৰ্ঘটনাগ্ৰস্ত হয়। ফলত মেজিত থকা দুজন আৰোহী গুৰুতৰভাবে আহত হয়। দুৰ্ঘটনাটোৰ পিচতেই স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত ততাতৈয়াকৈ জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ পিচত দুই যুৱকক। জখলাবন্ধাৰ পৰা কুঠৰীলৈ গৈ থকা এ. এচ. ০২ চি. চি. ০৪৫০ নম্বৰৰ টাটা মেজিকখনে ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত বিকল হৈ ৰৈ থকা এ. এচ. ০১ ই. চি. ২১৬০ নম্বৰৰ ট্ৰাকখনত পিচফালৰ পৰা খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
আঘাতপ্ৰাপ্ত দুই যুৱকক উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ‍্যালয়লৈ প্ৰেৰণ কৰিছে। কাৰ্বি আংলঙৰ ৰঙাগৰাৰ যুৱক দুজনৰ নাম বিক্ৰম ৰংহাং, ধৰম সিং টিচ'। আনহাতে চালকজন বৰ্তমান জখলাবন্ধা চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে।
উল্লেখযোগ‍্য যে, ৰাষ্ট্ৰীয় পথৰ দাঁতিত ৰখাই থোৱা গধুৰ বাহনত খুন্দিয়াই হোৱা দুৰ্ঘটনাৰ সংখ‍্যা কম নহয়। তৎস্বত্বেও ৰাজ‍্যৰ যান-বাহন আৰক্ষী বা বিভাগে এই ক্ষেত্ৰত কাৰ্য‍্যকৰী ব‍্যৱস্থা লোৱা চকুত নপৰে।Conclusion:visuals
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.